নেশ্যনেল ডেস্ক, ৭ জুন: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ স্বাস্থ্য পৰিকাঠামো ব্যৱহাৰ সংক্ৰান্তীয় প্ৰতিবেদন সন্দৰ্ভত দেওবাৰে দিল্লী চৰকাৰৰ দ্বাৰা গঠিত ৫ জনীয়া চিকিৎসক সমিতিৰ এক বৈঠক অনুষ্ঠিত হ'ব । ৫ জনীয়া সমিতিয়ে শনিবাৰে দিল্লী চৰকাৰলৈ স্বাস্থ্য সম্বন্ধীয় এক প্ৰতিবেদন প্ৰেৰণ কৰে । উল্লেখ্য যে, দিল্লী চৰকাৰে দিল্লীৰ হাস্পতালসমূহৰ স্থিতি, চিকিৎসা সুবিধা, দিল্লীৰ বাহিৰৰ ৰোগীসকলক সহায় আগবঢ়োৱাৰ অৰ্থে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ এই ৫ জনীয়া চিকিৎসকৰ সমিতি গঠন কৰি দিছিল ।
স্বাস্থ্য পৰিকাঠামো ব্যৱহাৰ সংক্ৰান্তীয় প্ৰতিবেদনক লৈ দিল্লী কেবিনেটৰ বৈঠক - কোভিড-১৯
দিল্লীৰ স্বাস্থ্য পৰিকাঠামো ব্যৱহাৰ সংক্ৰান্তীয় প্ৰতিবেদনৰ ভিত্তিত দিল্লী কেবিনেটে দেওবাৰে এক আলোচনাত মিলিত হ'ব । দিল্লী চৰকাৰে গঠন কৰি দিয়া ৫ জনীয়া চিকিৎসক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, ৰাজধানী দিল্লীৰ স্বাস্থ্য সম্পৰ্কীয় বিচাৰৰ প্ৰয়োগ কেৱল দিল্লীবাসীৰ বাবেই কৰা উচিত ।
আই.পি. বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মহেশ শৰ্মাক এই সমিতিৰ স্বত্বাধিকাৰীৰ পদত নিযুক্তি দি দিল্লীৰ কোভিড-১৯ৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ওপৰত গুৰুত্ব দিবলৈ অনুমতি প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কোভিড-১৯ৰ প্ৰকোপ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমা ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ লগতে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ সৈতে সংলগ্ন ছীল কৰা সীমা খুলি দিয়াৰ ক্ষেত্ৰত দিল্লীবাসীৰ ৰায়দানো বিচাৰে অৰবিন্দ কেজৰিৱালে ।
লগতে পঢ়ক: এয়াৰপৰ্টত 74 দিন আৱদ্ধ হৈ পৰা বিদেশী ফুটবলাৰক হোটেললৈ প্ৰেৰণ