নেশ্যনেল ডেস্ক, 23 ডিচেম্বৰ :আগন্তুক দিল্লী বিধানসভা নিৰ্বাচন উপলক্ষে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে কেজৰিৱালে ভোটৰ আবেদন কৰি দিল্লীৰ ৰাজপথত সমদলৰ আয়োজন কৰে ৷ বৃহস্পতিবাৰে পুৱা নাংগলী ডেইৰীৰ পৰা এই সমদল উলিওৱা হয় ৷ পাঁচটাকৈ বিধানসভা সমষ্টিৰ পাঁচটা সমদলত অংশ ল'ব কেজৰিৱালে ৷ মাটিয়ালা,উত্তম নগৰ,বিকাশপুৰী,টুঘলাকাবাদ আৰু কলকাজিত সমদলত ভাগ ল'ব কেজৰিৱালে ৷
প্ৰথম তিনিটা সমদল পুৱাৰ ভাগত অনুষ্ঠিত হোৱাৰ লগতে টুঘলাকাবাদ আৰু কলকাজিত বিয়লি ভাগত সমদলত ভাগ ল'ব আম আদমী পাৰ্টীৰ মুৰব্বী গৰাকীয়ে ৷ আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰৰ দিনটোতে এখন গণসভাত অংশগ্ৰহণ কৰাৰ লগতে 'পদযাত্ৰা'ত অংশগ্ৰহণ কৰিব ৷ দিল্লীৰ এগৰাকী বিজেপি নেতৃত্বই জানিবলৈ দিয়া অনুসৰি,এই গণসভাত বিজেপি দলে নাগৰিকত্ব সংশোধনী আইন আৰু হিংসাত্মক ঘটনা, অনুচ্ছেদ 370 বাতিলকৰণ আৰু শাসক দল আম আদমী পাৰ্টীৰ ব্যৰ্থতা সম্পৰ্কত আলোচনা কৰিব ৷ শ্বাহে মাটিয়ালা আৰু নাংগলৈ জাট বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ৷ ইয়াৰ পাচতে বিয়লি সময়ত তেওঁ উত্তম নগৰত এক 'পদযাত্ৰা'ত নেতৃত্ব প্ৰদান কৰিব ৷
আৰু পঢ়ক : আজি উচ্চতম ন্যায়ালয়ৰ 370 নং অনুচ্ছেদ সম্পৰ্কত শুনানি