অসম

assam

ETV Bharat / bharat

ডেৰাডুনত গৱেষণা ভিত্তিক ঔষধেৰে কৰ'ণা আক্ৰান্ত লোকৰ আৰোগ্য কৰি তুলিছে

বিভিন্ন গৱেষণা ভিত্তিক ঔষধ প্ৰয়োগেৰে ডেৰাডুনৰ দুন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসালয়সকলে এই পৰ্যন্ত ২৪ গৰাকী কৰ'ণা আক্ৰান্ত লোকক আৰোগ্য কৰি তুলে ।

By

Published : May 28, 2020, 1:09 PM IST

Dehradun doctors treat covid patients with various research-based medicines
Dehradun doctors treat covid patients with various research-based medicines

নেশ্যনেল ডেস্ক, ২৮ মে': বুধবাৰে এক বিশেষ সুত্ৰই জানিবলৈ জিয়া অনুসৰি, উত্তৰাখণ্ডৰ ডেৰাডুন চহৰত চিকিৎসকৰ এটা দলে বহু কেইগৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক বিভিন্ন ঔষধ ব্যৱহাৰ কৰি আৰোগ্য কৰি তুলিছে ৷ যদিও বৰ্তমানলৈ ICMRএ কোনো ধৰণৰ বিশেষ ঔষধ প্ৰয়োগৰ নিৰ্দেশনা দিয়া নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি, দুন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা বৰ্তমানলৈ ২৪ গৰাকীতকৈয়ো অধিক ৰোগীক আৰোগ্য কৰি অব্যাহতি দিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ৰোগীসকলৰ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বিভিন্ন ঔষধৰ মিশ্ৰণ প্ৰস্তুত কৰা হৈছিল ।

জানিবলৈ পোৱা মতে, খুব কম সময়ৰ ভিতৰতে ৰোগীসকল সুস্থ হৈ উঠিছে । আনহাতে উত্তৰাখণ্ডত নিশ্চিত কৰ'ণা ৰোগীৰ সংখ্যা এই পৰ্যন্ত ৪ গৰাকী লোকৰ মৃত্যুৰ সৈতে ৪০০ গৰাকীলৈ বৃদ্ধি হৈছে ।

ABOUT THE AUTHOR

...view details