তেজপুৰ, ১৪ নৱেম্বৰ :দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হ'ল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা "মৈত্ৰীদিৱস - 2019"ৰ দুদিনীয়া কাৰ্যসূচী উদ্ধোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷
সেনা বাহিনী আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰ বাৰ্তা অটুত ৰখাৰ উদ্দেশ্যৰে এই অনুষ্ঠানত টাৱাঙৰ জিলা প্ৰশাসন আৰু সেনা বাহিনীৰ সাধাৰণ জনসাধাৰণক লৈ বন্ধুত্ব যুগমীয়া কৰাৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বীৰ ছহীদ জোৱান সকলৰ সোঁৱৰণী টাৱাম ৱাৰ মেম'ৰিয়েল পৰিদৰ্শন কৰে ৷
অনুষ্ঠানত সেনা বাহিনীৰ বিভিন্ন কলা-কৌশল প্ৰতিৰক্ষা মন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে জনসাধাৰণৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ৷ নিশাৰ ভাগত সেনাবাহিনীৰ লোকৰ দ্বাৰা এক আকৰ্ষণীয় সংগীতানুষ্ঠানৰো আয়োজন কৰা হয় ৷ এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য "Know Your Army" ৷