অসম

assam

ETV Bharat / bharat

প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি - 21 খন মিগ-29 আৰু 12 খন ছুখই-30 এমকেআই বিমান ক্ৰয়

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠক অনুষ্ঠিত হৈ যায় ৷ এই আলোচনাত ছুখই 30 আৰু মিগ 29 যুঁজাৰু বিমানৰ লগতে প্ৰতিৰক্ষা উৎপাদনৰ বাবে 38,900 কোটি টকা অনুমোদন জনায় ৷

প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি
প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি

By

Published : Jul 2, 2020, 6:10 PM IST

নিউজ ডেস্ক, 2 জুলাই : চীন-ভাৰতৰ মাজত শেহতীয়া পৰিস্থিতিৰ মাজতে প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ এক বিশেষ বৈঠক অনুষ্ঠিত হৈ যায় বৃহস্পতিবাৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা এই সভাত পৰিষদক বহুকেইটা দিশত স্বাধীনতা প্ৰদান কৰা হয় ৷ সশস্ত্ৰ বাহিনীৰ লগতে প্ৰতিৰক্ষা খণ্ডৰ অধিগ্ৰহণৰ বাবে পৰিষদক 38,900 কোটি টকা অনুমোদনৰ প্ৰস্তাৱত সন্মতিপ্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

এই আলোচনাত ঘৰুৱা আৰ্হি আৰু উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা হয় আৰু ভাৰতীয় উদ্যোগৰ পৰা 31,130 কোটি টকাৰ প্ৰতিৰক্ষা অধিগ্ৰহণত অনুমতি প্ৰদান কৰা হয় ৷ আলোচনাত সশস্ত্ৰ বাহিনীৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণকাৰী খণ্ড আৰু ক্ষুদ্ৰ আৰু অতিক্ষুদ্ৰ আৰু মধ্যমীয়া এন্টাৰপ্ৰাইজৰ পৰা সংগ্ৰহ কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷

ঘৰুৱাভাৱে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পসমূহত 80 শতাংশ প্ৰকল্প ব্যয় খৰচ কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা গৃহীত প্ৰযুক্তিসমূহৰ দ্বাৰা এইসমূহ প্ৰকল্পৰ কাম ঘৰুৱা প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থাসমূহে আগবঢ়াই নিব ৷

লগতে পঢ়কঃৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ ভাৰতৰ

এই প্ৰকল্পসমূহৰ ভিতৰত আছে পিনাকা ক্ষেপনাস্ত্ৰ প্ৰনালী, বিএমপি সশস্ত্ৰ সুৰক্ষা, স্থলসেনাৰ বাবে চফটৱেৰ পৰিচালিত উন্নত ৰেডিঅ' প্ৰণালী, দীৰ্ঘ দুৰত্বৰ ভূমি আক্ৰমণকাৰী ক্ৰুইজ ক্ষেপনাস্ত্ৰ প্ৰণালী আৰু নৌ-সেনা তথা বায়ুসেনাৰ বাবে অস্ত্ৰ ক্ষেপনাস্ত্ৰ প্ৰণালী হৈছে অন্যতম ৷ এইসমূহ প্ৰকল্পৰ প্ৰকল্প ব্যয় 20,400 কোটি ধাৰ্য কৰা হৈছে ৷

দেশৰ সেনাৰ তিনিওটা বাহিনীতে এইসমূহ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ সংযোজনে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক আৰু অধিক শক্তিশালী কৰি তুলিব ৷ পিনাকা ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বাবে ইতিমধ্যে এটা ৰেজিমেন্ট আৰম্ভ কৰা হৈছে আৰু অতিৰিক্ত ৰেজিমেন্ট গঠনৰ ক্ষেত্ৰটো সহায়ক হ'বদীৰ্ঘ দুৰত্বৰ ভূমি আক্ৰমণকাৰী ক্ষেপনাস্ত্ৰৰ সংযোজনে নৌ-সেনা আৰু বায়ুসেনাৰ আক্ৰমণ ক্ষমতা অধিক শক্তিশালীকৰি তুলিব ৷ সমান্তৰালকৈঅস্ত্ৰ মিছাইলৰ সংযোজনে নেদেখা দুৰত্বৰ আক্ৰমণ সংঘটিত কৰা সক্ষমতা প্ৰদান কৰিব আৰু ই বায়ুসেনাৰ লগতে নৌ-সেনাক অতিৰিক্তভাৱে প্ৰতিৰক্ষা আৰু আক্ৰমণত সহায় কৰিব ৷

21 খন মিগ-29ৰ বাবে 7418 কোটি টকাৰ অনুমতি

এই আলোচনাত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু স্কোৱাড্ৰণৰ সংখ্যা বঢ়োৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় ৷ আজিৰ আলোচনাত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে আপগ্ৰেড হৈ থকা অতিৰিক্ত 59খন মিগ-29ৰ লগতে 21 খন মিগ-29 আৰু 12 খন ছুখই-30 এমকেআই বিমান ক্ৰয় কৰাত অনুমতি প্ৰদান কৰে ৷ আপগ্ৰেডেশ্বনৰ লগতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিবলগীয়া মিগ-29ৰ বাবে 7418 কোটি টকা আৰু হিন্দুস্তান এৰ'নটিকেল লিমিটেডৰ পৰা ক্ৰয় কৰিবলগীয়া ছুখই-30ৰ বাবে 10,730 কোটি টকাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীৰ আত্মজীৱনী মুকলি

ABOUT THE AUTHOR

...view details