নেশ্যনেল ডেস্ক,২৮ আগষ্ট:ক'ৰোনা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ২০২১চনৰ ৩-৫ ফেব্ৰুৱাৰীলৈ এছিয়াৰ বৃহত্তম বিমান মহাকাশ প্ৰদৰ্শনী এৰ' ইণ্ডিয়াৰ অধিৱেশন আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। বাংগালুৰুৰ পৰম্পৰাগত স্থানতে অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। প্ৰতিৰক্ষা উদ্যোগ আৰু বিশ্ব বিমান মহাকাশ সংস্থাৰ অংশগ্ৰহণৰ আশাৰে এৰ' ইণ্ডিয়াৰ দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে আভ্যন্তৰীণ বৈঠকত মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
বাংগালোৰুত এৰ' ইণ্ডিয়াৰ অধিৱেশনৰ আয়োজন প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ - এৰ' ইণ্ডিয়া
২০২১ৰ ৩-৫ফেব্ৰুৱাৰীত বাংগালুৰুত অনুষ্ঠিত হ'ব এৰ' ইণ্ডিয়াৰ দ্বিবাৰ্ষিক অধিৱেশন। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সেনাৰ মেজৰ, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু আগশাৰীৰ বিনিয়োগকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশাবাদী প্ৰতিৰক্ষা মন্ত্ৰণালয়।
![বাংগালোৰুত এৰ' ইণ্ডিয়াৰ অধিৱেশনৰ আয়োজন প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বাংগালোৰুত এৰ' ইণ্ডিয়াৰ অধিৱেশনৰ আয়োজন প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8591299-757-8591299-1598613262755.jpg)
কোভিড-১৯ৰ স্বাস্থ্যবিধি মানি এই প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ১৯৯৬চনৰ পৰা অৰ্থাৎ স্থাপনৰ পিছৰে পৰা বাংগালুৰুতে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। এৰ' ইণ্ডিয়াৰ দ্বি বাৰ্ষিক অধিৱেশনত বিশ্ব বিমান মহাকাশ সংস্থাৰ মেজৰ, আগশাৰীৰ বিনিয়োগকাৰীৰ লগতে বিভিন্ন দেশৰ উচ্চপদস্থ চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণৰ উৎপাদনৰ প্ৰসাৰৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। প্ৰতিৰক্ষা উপকৰণৰ উৎপাদন বৃদ্ধিৰ বাবে বিগত কেইবামাহো ধৰি চেষ্টা চলাই আছে। যোৱা ৯ আগষ্টত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰিছিল যে, পৰিবহণ বিমান, যুদ্ধৰ হেলিকপ্টাৰ (লঘু), চাবমেৰিন, ক্ৰুজ মিছাইলৰ দৰে সামৰিক প্লেটফ'ৰ্ম আৰু ১০১ প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰৰ আমদানি ২০২৪ চনলৈকে বন্ধ কৰা হ'ব। সোমবাৰে DRDOয়ে ১০৮ প্ৰকাৰৰ সামৰিক ব্যৱস্থা যেনে নেভিগেশ্যন ৰাডাৰ, টেংক ট্ৰেন্সপ'ৰ্টাৰ আৰু মিছাইল কেনিষ্টাৰ আদি নিজ দেশতে নিৰ্মাণ আৰু বিকাশ কৰাৰ পৰিকল্পনা কৰিছে। সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত আটাইতকৈ বেছি অস্ত্ৰ-শস্ত্ৰ আমদানি কৰা দেশলৈ পৰিগণিত হৈছে। অহা ৫ বছৰত প্ৰতিৰক্ষা উৎপাদনৰ ২৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰে ৫ বিলিয়ন মাৰ্কিন ডলাৰ ৰপ্তানিৰ জৰিয়তে সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।
লগতে পঢ়ক:1 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায়