দিল্লী, 10 আগষ্ট : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে আত্মনিৰ্ভৰ ভাৰত সপ্তাহ উদ্ধোধন কৰিব ৷ সোমবাৰে বিয়লি 3.30 বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটযোগে উল্লেখ কৰে কথা ৷
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা অনলাইন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত স্থাপনৰ কথা উল্লেখ কৰে য’ত শিক্ষা,স্বাস্থ্যৰ লগতে খাদ্য,কাপোৰ আৰু বাসস্থানৰ বাবে প্ৰতিজন লোক আত্মনিৰ্ভৰ হ’ব ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,প্ৰধানমন্ত্ৰী 2017 চনত চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকীত এখন নতুন ভাৰত নিৰ্মাণৰ কথা উল্লেখ কৰিছিল ৷ প্ৰধানমন্ত্ৰী প্ৰমাণ কৰি দিলে যে,আমি এখন নতুন ভাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো ৷ নতুন ভাৰতত প্ৰতিজন লোক আত্মবিশ্বাসী হোৱাৰ লগতে আত্ম নিৰ্ভৰশীল হ’ব ৷