অসম

assam

ETV Bharat / bharat

গেংটক-নাথুলা সংযোগী পথ উদ্বোধন ৰাজনাথ সিঙৰ

ছিকিমত সেনাৰ সীমান্ত পথ সংগঠনৰ দ্বাৰা নিৰ্মিত "গেংটক-নাথুলা সংযোগী অতিৰিক্ত পথ" উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দেওবাৰে দাৰ্জিলিঙৰ চুকনাস্থিত 33 কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পথটো মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

By

Published : Oct 25, 2020, 6:29 PM IST

ৰাজনাথ সিং
ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ছিকিমত সেনাৰ সীমান্ত পথ সংগঠনৰ দ্বাৰা নিৰ্মিত "গেংটক-নাথুলা সংযোগী অতিৰিক্ত পথ" উদ্বোধন কৰে ৷ দাৰ্জিলিঙৰ চুকনাস্থিত 33 কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পথটো মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৷

ৰাজনাথ সিঙে ছিকিমত BRO ৰ দ্বাৰা নিৰ্মিত পথটো ইণ্টাৰনেটযোগে উদ্বোধন কৰি কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ-310 তকৈ 19.35 কিলোমিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণ কৰি BRO য়ে পূৰ্ব ছিকিমৰ সেনাৰ আৰু নিৱাসীসকলৰ আকাংক্ষা পুৰণ কৰিছে ৷ উল্লেখ্য যে, ছিকিমৰ অধিকাংশ সীমান্তৱৰ্তী পথ BRO ৰ দ্বাৰা আপগ্ৰেড কৰি থকা হৈছে ৷

দেওবাৰৰ কাৰ্যসূচীৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে পশ্চিম বংগৰ দাৰ্জিলিঙস্থিত চুকনা যুদ্ধৰ স্মৃতি তৰ্পনত "শস্ত্ৰ পূজা" কৰে ৷ এই অনুষ্ঠানত সেনাৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ সিং নৰভানেও উপস্থিত থাকে ৷ সিঙে দুৰ্গা পূজা উপলক্ষে সৈন্য সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মন্ত্ৰী গৰাকীয়ে পশ্চিম বংগ আৰু ছিকিমত উপস্থিত হয় ৷

লগতে পঢ়ক:প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি

ABOUT THE AUTHOR

...view details