অসম

assam

ETV Bharat / bharat

প্ৰতিৰক্ষা বাজেট সম্পৰ্কত কিছু কথা

সাম্প্ৰতিক পৰিস্থিতিত দক্ষিণ-পূৱ এছিয়া বিশ্বৰ আটাইতকৈ পৰিৱৰ্তনশীল আৰু ৰাজনৈতিকভাৱে জটিল স্থান সমূহৰ ভিতৰত অন্যতম য'ত ভাৰতে ইয়াৰ পূৱ দিশত এক প্ৰতিকূল প্ৰতিবেশী লাভ কৰাৰ বিপৰীতে উত্তৰ দিশত এক বিকাশপ্ৰাপ্ত, আক্ৰমণাত্মক বৃহৎ শক্তিক প্ৰতিৱেশী ৰূপে লাভ কৰিছে । দুই ধৰণৰ শত্ৰুতা অদূৰ ভৱিষ্যতলৈও যে অব্যাহত থাকিব ই নিশ্চিত । পৰৱৰ্তী দশক সমূহত যদিও পাকিস্তানক সামৰিকভাৱে সহজে নিয়ন্ত্ৰিত কৰিব পৰা যাব (যদিও আমাৰ ৰাজনৈতিক বাখ্যা সমূহত ই এক অতি বৃহৎ স্থান ইতিমধ্যে দখল কৰি আছে আৰু কৰি থাকিব) কিন্তু চীন এই ক্ষেত্ৰত দৃষ্টি ৰাখিব লগা এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বৰ্তি থাকিব । চীনৰ বৰ্তমানৰ প্ৰতিৰক্ষা বাজেট প্ৰায় 250 বিলিয়ন ডলাৰৰ আশে পাশে থকা বুলি ক'ব পৰা যায় যি ভাৰততকৈ চাৰি গুণ বেছি । অনাগত বৰ্ষ সমূহত এই ব্যৱধান আৰু বৃদ্ধি পাব বুলি ভাৱিব পৰা যায় ।

By

Published : Feb 6, 2020, 3:35 PM IST

Updated : Feb 6, 2020, 4:00 PM IST

Defence budget : Expect and disexpect
প্ৰতিৰক্ষা বাজেট সম্পৰ্কত কিছু কথা

শেহতীয়া বৰ্ষসমূহত ভাৰতৰ প্ৰতিৰক্ষা বাজেট সমূহৰ ক্ষেত্ৰত ব্যাপক সাদৃশ্য পৰিলক্ষিত হৈছে । সৰ্বমুঠ প্ৰতিৰক্ষা বাজেট আৱণ্টনৰ ক্ষেত্ৰত নাম মাত্ৰ বৃদ্ধি,মুঠ ঘৰুৱা উৎপাদনৰ নিম্নগামী অংশ,ৰাজহ ব্যয়ৰ বৃদ্ধি আৰু পুঁজিৰ আৱণ্টন আদিয়ে আধুনিকতাৰ বাটত বৃহৎ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা দেখা গৈছে । যদিও বিত্ত মন্ত্ৰীয়ে তেওঁৰ বাজেট সম্পৰ্কীয় ভাষণত ৰাষ্ট্ৰীয় সুৰক্ষাক দেশৰ প্ৰধান দায়বদ্ধতা ৰূপে স্পষ্টভাৱে অভিহিত কৰিছে, কিন্তু সেই আৱেগৰ প্ৰতিফলন সামৰিক শক্তিৰ বিকাশৰ বাবে প্ৰয়োজনীয় পুঁজি আৱণ্টনৰ ক্ষেত্ৰত প্ৰতিভাত হোৱা দেখা পোৱা নাযায় ।

প্ৰতিৰক্ষা শিতানত বাজেটৰ পৰিমাণ বৃদ্ধি পাইছে ভাৰতৰ

এই ক্ষেত্ৰত দুই ধৰণৰ দৃষ্টিভংগীৰ কথা আলোচনা কৰিব পৰা যায় । প্ৰথম দৃষ্টিভংগী অনুসৰি ভাৰতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিছে । এখন ৰাষ্ট্ৰ যিয়ে স্বাস্থ্য আৰু শিক্ষাখণ্ডদুয়োকে মিলাই মুঠ ঘৰুৱা উৎপাদনৰ এক শতাংশ খৰচ নকৰে,যি খন ৰাষ্ট্ৰই অৰ্থনৈতিক স্থৱিৰতাৰ সন্মুখীন হ'ব লগা হৈছে, সেই একেখন ৰাষ্ট্ৰই ১৬০০ কোটি টকা মূল্যৰ একো একোখন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাটো কোনো কাৰণতে যুক্তিযুক্ত নহয় । আমি এনে এখন দেশৰ বাসিন্দা যত ৫০ মিলিয়ন ব্যক্তি ৪২০০ টকা মাহিলি উপাৰ্জনৰে দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে । মিণ্টৰ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰতিবেদন অনুসৰি ৩০ মিলিয়ন ব্যক্তি ভাৰতৰ চৰকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থিত, যিসকলে যোৱা ছটা দশকত দৰিদ্ৰ সকলৰ শাৰী পূৰাই আহিছে । এনে এক প্ৰেক্ষাপটত দৰিদ্ৰতা নিৰ্মূলকৰণ অস্ত্ৰ আহৰণতকৈ বেছি গুৰুত্ব পাব লগীয়া বিষয় নহয় নে? আনটো দৃষ্টিভংগী অনুসৰি প্ৰতিৰক্ষা বাজেট ৰাষ্ট্ৰ এখনে সন্মুখীন হোৱা সামৰিক ভাবুকিৰ লগত সম্পৰ্কিত হোৱাৰ লগতে ৰাষ্ট্ৰৰ এখনৰ ভৱিষ্যতৰ গোলকীয় পৃথিৱীখনত থাকিব লগা সম্ভাব্য অৱস্থিতি সম্পৰ্কেও এক দৃষ্টিভংগী ।

ভাৰতৰ প্ৰতিৰক্ষা বাজেট বনাম চীনৰ শক্তি

সাম্প্ৰতিক পৰিস্থিতিত দক্ষিণ-পূৱ এছিয়া বিশ্বৰ আটাইতকৈ পৰিৱৰ্তনশীল আৰু ৰাজনৈতিকভাৱে জটিল স্থান সমূহৰ ভিতৰত অন্যতম য'ত ভাৰতে ইয়াৰ পূৱ দিশত এক প্ৰতিকূল প্ৰতিবেশী লাভ কৰাৰ বিপৰীতে উত্তৰ দিশত এক বিকাশপ্ৰাপ্ত, আক্ৰমণাত্মক বৃহৎ শক্তিক প্ৰতিৱেশী ৰূপে লাভ কৰিছে । দুই ধৰণৰ শত্ৰুতা অদূৰ ভৱিষ্যতলৈও যে অব্যাহত থাকিব ই নিশ্চিত । পৰৱৰ্তী দশক সমূহত যদিও পাকিস্তানক সামৰিকভাৱে সহজে নিয়ন্ত্ৰিত কৰিব পৰা যাব (যদিও আমাৰ ৰাজনৈতিক বাখ্যা সমূহত ই এক অতি বৃহৎ স্থান ইতিমধ্যে দখল কৰি আছে আৰু কৰি থাকিব) কিন্তু চীন এই ক্ষেত্ৰত দৃষ্টি ৰাখিব লগা এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বৰ্তি থাকিব । চীনৰ বৰ্তমানৰ প্ৰতিৰক্ষা বাজেট প্ৰায় 250 বিলিয়ন ডলাৰৰ আশে পাশে থকা বুলি ক'ব পৰা যায় যি ভাৰততকৈ চাৰি গুণ বেছি । অনাগত বৰ্ষ সমূহত এই ব্যৱধান আৰু বৃদ্ধি পাব বুলি ভাৱিব পৰা যায় ।

ইউৰোপৰ এক সংস্থাৰ অধ্যয়ন অনুসৰি ২০৩০ বৰ্ষলৈকে ভাৰত আৰু চীনৰ প্ৰতিৰক্ষাৰ খৰচ বৃদ্ধি হৈ ক্ৰমে ২১৩ বিলিয়ন আৰু ৭৩৬ বিলিয়ন ডলাৰ হ'ব । এই ক্ষেত্ৰত দুয়ো খন দেশৰ মাজত প্ৰতিৰক্ষা ব্যয়ৰ সম্ভাব্য ব্যৱধান হ'ব ৫০০ বিলিয়ন ডলাৰ । চীনৰ এই উত্তৰণ শান্তি পূৰ্ণ নহয়,ইয়াৰ লক্ষণ আমি ইতিমধ্যেই দেখা পাইছো । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন দুয়োখন দেশ ইতিমধ্যে বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক আঘোষিত যুঁজত লিপ্ত হৈছে যিয়ে সমগ্ৰ বিশ্ব ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে । ভাৰতৰ স্থান এই ক্ষেত্ৰত বিশেষকৈ গোলকীয় প্ৰতিযোগিতাখনত অস্থিৰ । কিন্তু বিশ্ব ব্যৱস্থাত প্ৰধান শক্তি ৰূপে আত্মপ্ৰকাশ কৰিবৰ বাবে ভাৰতে শক্তিৰ শিথিল নীতি সমূহক পৰিহাৰ কৰিব লাগিব আৰু দৃঢ় শক্তি নীতি গ্ৰহণ কৰিব লাগিব । যি সমূহ শেহতীয়াভাৱে দেখা পোৱা গৈছে ।আমি এই দুই দৃষ্টি ভংগীৰ মাজত এক সমন্বয় কেনেকৈ সাধন কৰিম বা মাজৰ দৃষ্টি ভংগী এটা কেনেকৈ গ্ৰহণ কৰিম ? এইটো বৰ্তমান স্পষ্ট হৈছে যে সামৰিক বাহিনীয়ে এক কষ্টকৰ বাজেটৰ মাজতে দিন কটাব লাগিব । প্ৰথমতেই দৃষ্টি আকৰ্ষণ কৰিব পৰা বিষয়টো হৈছে উচ্চ পাৰিশ্ৰমিক আৰু পেঞ্চনৰ পৰিমাণ, কিন্তু দৰমহাৰ ক্ষেত্ৰত এটা নিৰ্ধাৰিত পৰিমাণৰ ওপৰত দৰমহা কমাব পৰা নাযায় । যদি আমি এই কঠিন বৃত্তিটোৰ প্ৰতি সম্ভাৱনাময় ব্যক্তি সকলক আকৰ্ষণ কৰিব লাগে,তেন্তে চাকৰিৰ পৰিৱেশ নিঃসন্দেহে আকৰ্ষণীয় হ'ব লাগিব। আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ বাজেটৰ প্ৰায় ৪০ শতাংশ ধন সামৰিক বাহিনীৰ ব্যক্তিগত দৰমহা আৰু সুবিধা সংক্ৰান্তীয় কামত ব্যয় কৰে। পেঞ্চনৰ ক্ষেত্ৰতো একে ধৰণৰ নীতি অৱলম্বন কৰা হয়। নিজৰ জীৱন বিপদাপন্ন কৰি ৰাষ্ট্ৰক সেৱা আগবঢ়াই অহা সৈনিক সকলক বিশেষ গুৰুত্ব প্ৰদান কৰাটো ৰাষ্ট্ৰ এখনৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ পেঞ্চনৰ পৰিসংখ্যা সমূহ আন ৰাষ্ট্ৰৰ সমতুল্য।

তিনিওটা সেনাবাহিনীৰ বাবে ধাৰ্য কৰা বাজেটে শক্তিশালী কৰিব নে ভাৰতক ?

দৰাচলতে প্ৰকৃত উত্তৰ অন্তৰ্নিহিত হৈ আছে সামৰিক শক্তিৰ গঠন আৰু আন্তঃ গাঁথনিৰ ওপৰত দিয়া গভীৰ দৃষ্টিৰ ওপৰত। সামৰিক বাহিনীত ৪০ বছৰ সেৱা আগবঢ়োৱাৰ পিছত এইটো মই বুজিব পাৰিছো যে সৈন্যৰ সংখ্যা হ্ৰাস কৰাত হেমাহি দেখা যায়। তিনিধৰণৰ সেৱাতেই যেনে বস্তু, প্ৰশিক্ষণ আৰু যুদ্ধৰ বিভাগ যেনে আকাশ মাৰ্গ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নকল আৰু ভেজালৰ আশ্ৰয় লোৱা দেখা পোৱা যায়। এইটো আশাব্যঞ্জক যে নতুন চি ডি এছ, CDS ৰ আগমণে এই ক্ষেত্ৰ সমূহ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । কিছু সামৰিক গোট বা শাখাৰ ক্ষেত্ৰত সংৰক্ষণৰ নীতি প্ৰয়োগ কৰাৰ অৱকাশ থকা দেখা যায় যিয়ে সামৰিক বাহিনীত মানৱ োশক্তিৰ ভৱিষ্যত সংৰক্ষণ নিশ্চিত কৰিব । বায়ু সেনা আৰু নৌ সেনাই তেওঁলোকৰ অভিলাসী আঁচনি যেনে বায়ু সেনাৰ ৪৪ স্কোৱাদ্ৰণ আৰু নৌ সেনাৰ বাবে ২০০ যুদ্ধ জাহাজ ক্ৰয়ৰ সিদ্ধান্ত পুনঃবিচাৰ কৰিব পাৰে । স্থল সেনা বিকাশৰ বাবে প্ৰয়োজনীয় বৰ্ধিত ব্যয়ৰ প্ৰেক্ষাপটত এই লক্ষ্য সমূহত উপনীত হোৱাটো সহজ নহয়। এই অসুবিধাৰ সন্মুখীন অকল ভাৰতেই হোৱা নাই । আমেৰিকাই ৭৫০ বিলিয়ন ডলাৰৰ সামৰিক বাজেট থকা সত্বেও ইয়াৰ নৌ জাহাজ ১৯৮৭ চনৰ ৬০০ খনৰ পৰা বৰ্তমান ৩০০ লৈ কমাই আনিব বাধ্য হৈছে, বায়ু সেনাৰ ক্ষেত্ৰত অপাৰেশ্যন Desert Stormৰ সময়ৰ ৭০ তা সক্ৰিয় স্কোৱাদ্ৰোণৰ পৰা এই সংখ্যা ৩২ লৈ হ্ৰাস পাইছে। সংখ্যা হ্ৰাস কৰিলে সামৰিক বাহিনী দুৰ্বল হৈ পৰিব বুলি বিতৰ্ক কৰিব পৰা যায় । কিন্তু ই গুৰুত্বপূৰ্ণ আৰু প্ৰকৃত সত্য নহয় । এক স্বয়ংসম্পূৰ্ণ আৰু শিক্ষিত অভিজ্ঞ সামৰিক শক্তি পুৰণিকলীয়া অস্ত্ৰৰে সজ্জিত ডাঙৰ সামৰিক বাহিনীতকৈ নিঃসন্দেহে শ্ৰেষ্ঠ আৰু উপযোগী । ২০১৫ চনৰে পৰা চীনে ইয়াৰ সামৰিক বাহিনীৰ সংখ্যা ৩০০০০০লৈ হ্ৰাস কৰিছে আৰু ই চীনৰ জন মুক্তি বাহিনী বাPLAক দুৰ্বল কৰাৰ পৰিৱৰ্তে শক্তিশালী হে কৰিছে। প্ৰতিৰক্ষা বাজেটৰ আকাৰে সাধাৰণতে সামৰিক বাহিনীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰে । কিন্তু জ্যেষ্ঠ নেতৃত্বই গাথঁনিৰ পুনঃ নিৰ্মাণ আৰু সংস্কাৰৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন আছে । বাজেটৰ আকাৰ আৰু সামৰিক বাহিনীৰ সংখ্যা বা আকাৰ দুয়ো একেলগে আৰু সমানে সহাৱস্থান কৰিব নোৱাৰে ।

-লেঃ জেনঃ (অৱসৰপ্ৰাপ্ত) ডি এছ হুদা

লগতে চাওকঃজম্মু-কাশ্মীৰত ইণ্টাৰনেট আৰু যোগাযোগ সেৱা বাতিল

Last Updated : Feb 6, 2020, 4:00 PM IST

ABOUT THE AUTHOR

...view details