নেশ্যনেল ডেস্ক, 30 অক্টোবৰ:তিনিদিনীয়া মহা আয়োজনেৰে 11 নৱেম্বৰৰ পৰা অযোধ্যাত আৰম্ভ হ'ব পোহৰৰ উৎসৱ দিপাৱলী ৷ ক'ভিড-19 ৰ নিৰ্দেশনা সমূহ মানি চলি অযোধ্যাক 5.5 লাখ চাকিৰে উজ্বলাই তোলাৰ লগতে ৰামায়ণৰ এপৰত ভিত্তি কৰি 11 টা ঝাকি প্ৰদৰ্শিত হ'ব ৷
অৱশ্যে ক'ভিড-19 ৰ নিৰ্দেশনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি অংশগ্ৰহন কৰিব লগা লোকৰ সংখ্য সীমিত কৰি ৰখা হৈছে ৷ দিপাৱলীৰ মহা আয়োজনৰ বাবে ইতিমধ্যে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলিছে আৰু সকলো অনুষ্ঠান লাইভযোগে সম্প্ৰচাৰ কৰা হ'ব ৷ সকলোৱে যাতে এই উৎসৱৰ আয়োজনত অংশ ল'ব পাৰে সেই উদ্দেশ্যে এল ই ডি ডিচপ্লে বোৰ্ড আৰু ভান স্থাপন কৰা হ'ব ৷
2017 চনত উৎসৱৰ আৰম্ভ হৈছিল ৷ উক্ত উৎসৱত স্বেচ্ছাসেৱক, ভক্ত তথা নিৱাসী সকলে মিলি 1.50 লাখ মাটিৰ চাকি জ্বলাইছিল ৷ এই সমগ্ৰ আয়োজন সম্পৰ্কে বাখ্যা কৰি জিলা অধিকাৰী অনুজ কুমাৰ ঝা এ কয় যে চৰকাৰী বিষয়াৰ এটা দলে এই অনুষ্ঠান আয়োজন কৰিব লগা ঠাইখন পৰিদৰ্শন কৰিছে ৷ আমাৰ দলে সৰযু নদীৰ তীৰ পৰিদৰ্শন কৰাৰ লগতে ৰাম কি পেইদি আৰু ৰাম কথা উদ্যানত চলি থকা কামসমূহো পৰিদৰ্শন কৰে ৷ তেওঁ লগতে কয় যে তৰিৎ গতিৰে সকলো কাম সম্পূৰ্ণ কৰিবৰ বাবে শ্ৰমিক সকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷