অসম

assam

ETV Bharat / bharat

আইচিএমআৰৰ সিদ্ধান্তক লৈ চিন্তিত চীন - মহামাৰী

চীনৰ ৰাষ্ট্ৰদূতে আইচিএমআৰৰ আৰু দুটাকৈ চীনা প্ৰতিষ্ঠানৰ সৈতে সংযোগ অব্যাহত ৰাখিছে । চীনে ভাৰতক সমৰ্থন কৰাৰ উপৰিও কোভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত কংক্ৰিট সিদ্ধান্ত লৈ ঠিয় দিছে । চীনা দূতাবাসে ভাৰতক চীনৰ চিন্তা আৰু কৰ্মনিষ্ঠাক সহযোগেৰে দুয়োখন দেশৰ মাজৰ যোগাযোগ উন্নত কৰি উদ্ভৱ হোৱা সমস্যা সমাধান কৰিবলৈ আগবাঢ়িব বুলি প্ৰকাশ কৰে ।

আইচিএমআৰৰ সিদ্ধান্তক লৈ চিন্তিত চীন
আইচিএমআৰৰ সিদ্ধান্তক লৈ চিন্তিত চীন

By

Published : Apr 28, 2020, 6:06 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ চীনে মঙলবাৰে ভাৰতত উদ্ভৱ হোৱা কোভিড-১৯ৰ ৰেপিড এন্টিবডি টেষ্ট সঁজুলিক লৈ চিন্তা ব্যক্ত কৰিছে । ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে এই সঁজুলি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈয়ো আপত্তি দৰ্শাইছে চীনে । চীনে আশাপ্ৰকাশ কৰিছে যে, ভাৰতে শীঘ্ৰেই এই সন্দৰ্ভত যুক্তিসংগত সমাধান আগবঢ়াব ।

সোমবাৰে আইচিএমআৰে চীনৰ দুটাকৈ কোম্পানীৰ পৰা ক্ৰয় কৰা ৰেপিড এন্টিবডি টেষ্ট সঁজুলিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা আগবঢ়াইছিল ।

ইয়াৰ পিচতেই চীনা দূতাবাসৰ মুখপাত্ৰ জী ৰঙে কয় যে, চীনৰ পৰা ক্ৰয় কৰা মেডিকেল সঁজুলিৰ গুণাগুণ আৰু গুৰুত্বক লৈ আমি চিন্তিত আৰু আইচিএমআৰে গ্ৰহণ কৰা সিদ্ধান্তৰ শীঘ্ৰেই সমাধান লাভ কৰিবলৈ সক্ষম হ'ম । বিষয়াগৰাকীয়ে লগতে কয় যে, ইয়াৰ মানে এইটো নহয় যে, চীনৰ সকলো সামগ্ৰীয়ে বেয়া আৰু ইয়াক লৈ এক অপৰিপক্ক সিদ্ধান্ত আগবঢ়োৱাটো এক অন্যায় । চীনে এই সন্দৰ্ভত ভাৰতৰ সৈতে একেলগে কাম কৰি যাব বুলিও উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ।

ভাৰতে চীনৰ দুটাকৈ প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৫লাখ এন্টিবডি টেষ্ট সঁজুলি ক্ৰয় কৰিছিল আৰু সেইসমূহ বিভিন্ন ৰাজ্য়ত বিতৰণ কৰা হৈছিল । পৰৱৰ্তী সময়ত এই সঁজুলিসমূহত দেখা দিয়া বিসংগতিৰ বাবে আইচিএমআৰে কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যসমূহক সেইসমূহ ওভোটাই দিবলৈ কৈছিল ।

ABOUT THE AUTHOR

...view details