নিউজ ডেস্ক, ১৩ জুনঃ জনপ্ৰিয় টিভি ধাৰাবাহিক 'দীয়া আৰু বাতী হম'ৰ অভিনেত্ৰী দীপিকা সিঙৰ মাতৃ আক্ৰান্ত মহামাৰী কৰ'ণাত । কিন্তু বৰ্তমান পৰ্যন্ত কৰ'ণাৰ টেষ্ট কৰা চিকিৎসালয়খনে প্ৰদান কৰা নাই কোনো ধৰণৰ ৰিপৰ্ট । হাস্পতালখনত কৰ্মৰত এজন স্বাস্থ্য কৰ্মীয়েহে এই সন্দৰ্ভত অৱগত কৰে বুলি সদৰি কৰে অভিনেত্ৰী গৰাকীয়ে ।
অভিনেত্ৰী দীপিকা সিঙৰ মাতৃৰ দেহত কৰ'ণা - অৰবিন্দ কেজৰিৱাল
ধাৰাবাহিক 'দীয়া আৰু বাতী হম'ৰ অভিনেত্ৰী দীপিকা সিঙৰ মাতৃ আক্ৰান্ত মহামাৰী কৰ'ণাত । যাৰ বাবে দীপিকা সিঙে মাতৃৰ স্বাস্থ্যকলৈ শংকিত হোৱাৰ উপৰিও অভিনেত্ৰী গৰাকীৰ পৰিয়ালত থকা তথা মাকৰ সংস্পৰ্শত অহা ৪৫ জন ব্যক্তিকলৈ চিন্তিত অভিনেত্ৰী গৰাকী । তাৰোপৰি অভিনেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো পৰিয়ালটোক সহায়ৰ বাবে আহ্বান জনালে ইষ্টাগ্ৰামযোগে ।
যাৰ বাবে সমস্যাত পৰিছে অভিনেত্ৰী গৰাকীৰ পিতৃ । মাতৃৰ কৰ'ণা ৰিপৰ্ট হাস্পতালখনে দিয়া নাই বাবেই কোনো হাস্পতালত ভৰ্তি কৰাৱ পৰা নাই অভিনেত্ৰী গৰাকীৰ ৫৯ বছৰীয়া মাতৃক । তাৰোপৰি অভিনেত্ৰী গৰাকীৰ মাতৃৰ সংস্পৰ্শত অহা ৪৫ গৰাকী সদস্যৰ বাবেও চিন্তিত বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ।
অভিনেত্ৰী গৰাকীয়ে ইষ্টাগ্ৰাম যোগে উল্লেখ কৰে যে, "মোৰ মাৰ দেহত ধৰা পৰিছে মহামাৰী COVID0-19। মোৰ মা আৰু দেউতা বৰ্তমান দিল্লীত আছে । মাৰ কৰ'ণা পৰীক্ষা লেডি হাৰ্ডিং হাস্পতালত কৰা হৈছে । কিন্তু বৰ্তমান পৰ্যন্ত মাৰ ৰিপোৰ্ট দিয়া নাই হাস্পতালখনে । তেখেতসকলে কেৱল মোৰ দেউতাক ফটো উঠিবলৈ অনুমতি দিয়ে । মই আশা প্ৰকাশ কৰিছো যে, মোৰ এই লিখনি হাস্পতালখনৰ কোনো স্বাস্থ্য কৰ্মীয়ে পঢ়িব আৰু মোৰ মাক কিছু পৰিমাণে হলেও সহায় কৰিব । আমাক আপোনাৰ সহায় লাগে । HN0 8365আৰ্য নগৰ, পহাৰ গঞ্জ, নতুন দিল্লী ১১০০৫৫, অৰকাশন ৰোড আকাশ হোটেলৰ ওচৰত । @arvindkejriwal @narendramodi."