অসম

assam

ETV Bharat / bharat

দীপকৰ পৰা দীপিকালৈ: যোধপুৰৰ এগৰাকী নৃত্যশিল্পী - দীপক মাৰৱাড়ী

ৰাজস্থানৰ যোধপুৰৰ নৃত্য শিল্পী দীপকে কিছুদিন পূৰ্বে কৰা যৌন শল্য চিকিৎসাৰ পিছত লিংগ পৰিৱৰ্তন কৰে আৰু লিংগ পৰিৱৰ্তনৰ পিছত নিজৰ নাম দীপিকা হিচাপে নামকৰণ কৰা নৃত্য শিল্পীগৰাকী এতিয়া বলিউডত কাম কৰিবলৈ সাজু । ইয়াৰ পূৰ্বে তেওঁ যোধপুৰৰ প্ৰায়ভাগ মনোৰঞ্জনদায়ক অনুষ্ঠানত আৰু ৰাজনৈতিক নেতাসকলৰ দ্বাৰাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় ।

দীপকৰ পৰা দীপিকালৈ
দীপকৰ পৰা দীপিকালৈ

By

Published : Jun 5, 2020, 4:51 PM IST

চিটাৰা ডেস্ক, ৫ জুন: ৰাজস্থানৰ যোধপুৰৰ এগৰাকী নৃত্যশিল্পী । দীপক নামৰ নৃত্যশিল্পীগৰাকীয়ে মহিলাৰ বেশত নৃত্য পৰিৱেশন কৰাৰ পিছত কেইদিনমান পূৰ্বে যৌন শল্য চিকিৎসাৰ দ্বাৰা লিংগ পৰিৱৰ্তন কৰি এতিয়া দীপিকা নামে খ্যাত একালৰ নৃত্যশিল্পী দীপক । নিজকে মহিলাৰ ৰূপত সাজি-কাচি ভালপোৱা দীপকে তিনি মাহ পূৰ্বে দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত লিংগ পৰিৱৰ্তনৰ শল্য চিকিৎসা চলাই আছিল ।

দীপকৰ পৰা দীপিকালৈ

চলিত বৰ্ষতে লিংগ পৰিৱৰ্তনৰ পূৰ্বে দীপকে যোধপুৰত নিজৰ নৃত্য প্ৰদৰ্শনীৰ জৰিয়তে প্ৰিয় কলাকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় । দীপিকাই জানিবলৈ দিয়ে যে, তেওঁ সৰুৰে পৰাই মহিলাৰ সাজ-পোচাক পৰিধান কৰি ভালপাইছিল, কিয়নো তেওঁ ভিতৰৰ পৰা নিজকে মহিলা হিচাপে অনুভৱ কৰিছিল । দেউতাকৰ বেমাৰৰ বাবে তেওঁ সপ্তম শ্ৰেণীতে নিজৰ পঢ়া জীৱন সামৰিবলগীয়া হৈছিল । দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰত আৰ্থিক সংকটে দেখা দিয়াৰ বাবে তেতিয়াৰে পৰাই তেওঁ দীপক হিচাপে ঘৰৰ আশে-পাশে আয়োজন কৰা অনুষ্ঠানত নৃত্য পৰিৱেশন কৰি ঘৰখন পোহ-পাল দি আহিছে ।

তেওঁ আৰ্জিত ধনেৰে ঘৰখনক আৰ্থিক দিশত সমৰ্থন কৰিব পাৰিছে বাবে পৰিয়ালে তেওঁ লিংগ পৰিৱৰ্তনত দীপিকাক সমৰ্থন কৰা বুলি তেওঁ জানিবলৈ দিয়ে । বিগত ১০ বছৰৰ পৰা তেওঁ জোধপুৰৰ বিভিন্ন অনুষ্ঠানত নৃত্য কৰি ৰাজনৈতিক নেতাসকলৰ দ্বাৰাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দীপিকাই ।

জোধপুৰৰ নৃত্য কৰ্মকৰ্তাসকলক ধন্যবাদ ব্যক্ত কৰাৰ লগতে দীপিকাই এতিয়া হিন্দী ছবি কাম কৰা হেঁপাহ পুহি ৰাখিছে । যদিও এই চিকিৎসা তিনি মাহ পূৰ্বে সম্পন্ন হৈছে তথাপি এতিয়াও তেওঁ হৰম'ন পৰিৱৰ্তনৰ অনুভৱ কৰে আৰু এই অনুভৱ নাইকিয়া হ'বলৈ এবছৰ সময় লাগিব বুলি দীপিকাই জানিবলৈ দিয়ে ।

দীপিকাৰ এই সিদ্ধান্তত তেওঁৰ সমৰ্থনকাৰীসকলৰ উপৰিও কিছুমান সমালোচনা কৰা মানুহো আছে । তেওঁ কয় যে, এনেবোৰ মানুহৰ কথা তেওঁ নাভাৱে, কাৰণ তেওঁৰ এই সিদ্ধান্তটো নিজৰ আছিল আৰু তেওঁ ইয়াক লৈ সুখী ।

লগতে পঢ়ক:গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ

ABOUT THE AUTHOR

...view details