অসম

assam

ETV Bharat / bharat

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ফাইল মুকলি কৰাৰ বাবে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ - কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় সকলো ফাইল মুকলি কৰাৰ লগতে বাবে ২৩ জানুৱাৰীত ৰাজ্যত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী পালন অৰ্থাৎ"দেশ নায়ক দিৱস" পালন কৰাৰ বাবে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷

Declassify all files on Netaji Subhas Chandra Bose: Mamata asks Centre
নেটাজী সুভাষ চন্দ্ৰ বসুৰ ফাইল মুকলি কৰাৰ বাবে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ

By

Published : Jan 4, 2021, 10:42 PM IST

নেশ্যনেল ডেস্ক,4 জানুৱাৰী: কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক নেতাজী সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় সকলো ফাইল মুকলি কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ সোমবাৰে মমতা বেনাৰ্জীয়ে কয় যে, "আমি নেতাজী সম্পৰ্কীয় সকলো ফাইল মুকলি কৰাটো বিচাৰিছো ৷ যিটো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কৰা নাই ৷ মই ব্যক্তিগত ভাৱে অনুভৱ কৰিছো যে স্বাধীনতাৰ পাচতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাবে আমি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কাম কৰা নাই। সেয়েহে 23জানুৱাৰীৰ দিনটোত নেতাজীৰ জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰাৰ বাবে দাবী জনালো ৷"

ইতিমধ্যে মমতা বেনাৰ্জীয়ে ২৩ জানুৱাৰীত ৰাজ্যত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী পালন অৰ্থাৎ"দেশ নায়ক দিৱস" পালন কৰাৰ বাবে কেন্দ্ৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:বিশ্বৰ বজাৰত স্থান পাইছে শিৱসাগৰৰ উলাহ চাহে

ABOUT THE AUTHOR

...view details