অসম

assam

ETV Bharat / bharat

100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে - দিল্লীl শীতৰ প্ৰকোপ অধিক

শীতে 100 বছৰৰ অভিলেখ ভংগ কৰিলে দীল্লীত ৷ দিল্লীত এই ডিচেম্বৰ মাহত শীতৰ প্ৰভাৱ সবাতোকৈ অধিক পৰা পৰিলক্ষিত হয় ৷

100 বছৰীয়া অভিলেখ ভংগ দিল্লীৰ শীতৰ
100 বছৰীয়া অভিলেখ ভংগ দিল্লীৰ শীতৰ

By

Published : Dec 27, 2019, 4:15 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ: আজি পুৱা 4.2 ডিগ্ৰী হয় দিল্লীৰ তাপমাত্ৰা ৷ 14 ডিচেম্বৰৰ পৰা অব্যাহত থকা এই প্ৰচণ্ড শীত 29 ডিচেম্বৰলৈ অব্যাহত থকাৰ অনুমান কৰা হৈছে ৷ প্ৰচণ্ড শীতৰ বাবে উত্তৰ দিল্লীত 21 খন ট্ৰেইনে 6 ঘণ্টা পলমকৈ যাত্ৰা কৰা পৰিলক্ষিত হয় ৷

দিল্লীত বৰ্তমান শীতৰ প্ৰকোপ অব্যাহত থকাৰ কথা বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ে ৷ 29 ডিচেম্বৰৰ পৰা তাপমাত্ৰাত বৃদ্ধি হোৱাৰ অনুমান কৰিছে বতৰ বিজ্ঞানীসকলে ৷ ইয়াৰ বিপৰীতে 31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ পাতলীয়া বৃষ্টিপাত হোৱাৰো সম্ভাৱনা আছে ৷

100 বছৰীয়া অভিলেখ ভংগ দিল্লীৰ শীতৰ

শীতৰ সমান্তৰালভাৱে প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে ৷ আজিপুৱা দিল্লীৰ বায়ু সূচাংক 363 পোৱা গৈছে ৷ দিল্লীত বায়ুৰ গতি সামান্য হোৱা হেতুকেই দিল্লী এনচিআৰত প্ৰদূষণ বৃদ্ধিপোৱাৰ কথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বৈজ্ঞানীকসকলে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক: কাজাখাস্তানত বিমান দুৰ্ঘটনা:নিহত 14 জন

ABOUT THE AUTHOR

...view details