অসম

assam

By

Published : Dec 23, 2019, 4:19 PM IST

ETV Bharat / bharat

প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধন উৎপাদন

পুণেৰ পৌৰ নিগমে এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে য'ত প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধনৰ উৎপাদন কৰা হয় ৷

প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধন উৎপাদন
প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধন উৎপাদন

জীৱাশ্ম ইন্ধন দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে আৰু ই পৰিৱেশৰ পক্ষে হানিকাৰক ৷ বিশ্ববাসীয়ে গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ হ'লে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰতা কমাব লাগিব ৷ এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি পুণেৰ পৌৰ নিগমে এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে য'ত প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধনৰ উৎপাদন কৰা হয় ৷

পুণে পৌৰ নিগমে এনেদৰে কেইবাটাও ইন্ধন নিৰ্মাণ প্লান্ট স্থাপন কৰিছে আৰু ইয়াৰ কামো আৰম্ভ কৰিছে ৷ পুণে পৌৰ নিগমে অন্য কেইবাটাও সংগঠনৰ লগত মিলি প্লাষ্টিকেৰে ইন্ধন উৎপাদনেই নহয় পথ নিৰ্মাণতো ব্যৱহাৰ কৰিছে ৷

প্লাষ্টিকৰ জাৱৰৰ পৰা ইন্ধন উৎপাদন

ইয়াৰে দুটা কেন্দ্ৰ জেঠুৰী আৰু নাৰায়ণপেততো স্থাপন হৈছে ৷ এই প্ৰকল্পৰ মাধ্যমেৰে পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ পৰা প্লাষ্টিক সংগ্ৰহ কৰি জাৱৰবোৰ নিষ্কাষণ কৰে ৷

প্লাষ্টিক প্লান্টৰ পৰা উৎপাদিত ইন্ধন সমূহ কেৰাচিন ষ্টোভ, জেনেৰেটৰ আদিত ব্যৱহাৰ কৰিব পাৰি ৷ 6 কিলোগ্ৰাম প্লাষ্টিক উৎপাদনৰ বাবে প্ৰায় 10 কিলোগ্ৰাম পি.এফ প্লাষ্টিকৰ প্ৰয়োজন ৷ প্লাষ্টিক প্লান্টসমূহ খুব কম পৰিসৰৰ ভিতৰতেই নিৰ্মাণ কৰিব পাৰি ৷

ইয়াৰোপৰি বৰ্তমানৰ বৰ্ধিত প্লাষ্টিকৰ ভয়াবহতাৰ পৰা মুক্তি পাবলৈ প্লাষ্টিক নিৰ্মাণ প্লান্ট হৈছে আটাইতকৈ উত্তম সমাধান ৷

লগতে পঢ়ক:প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা এটা ঘৰ ৷

ABOUT THE AUTHOR

...view details