অসম

assam

ETV Bharat / bharat

হিমাচল প্ৰদেশত পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশকে পলিথিন মুক্ত কৰিবলৈ এক বিশেষ অভিযানৰ সূচনা কৰে ৷ এই অভিযান অনুসৰি নাগৰিকৰ মাজত পলিথিন ব্যৱহাৰৰ ভয়াৱহতা সম্পৰ্কে সচেতনতা প্ৰচাৰ কৰা হৈছে ৷

পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ
পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ

By

Published : Dec 16, 2019, 7:09 PM IST

Updated : Dec 17, 2019, 12:57 AM IST

নিউজ ডেস্ক, 17 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশকে পলিথিন মুক্ত কৰিবলৈ এক বিশেষ অভিযানৰ সূচনা কৰে ৷ এই অভিযান অনুসৰি নাগৰিকৰ মাজত পলিথিন ব্যৱহাৰৰ ভয়াৱহতা সম্পৰ্কে সচেতনতা প্ৰচাৰ কৰা হৈছে ৷

পেলনীয়া প্লাষ্টিকৰ সু ব্যৱহাৰ

চিৰমৌৰ (হিমাচল প্ৰদেশ):এহাতে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ লোক সকল উদ্বিগ্ন পলিথিন ব্যৱহাৰৰ ভয়াৱহতাক লৈ,আনফালে বহু প্ৰতিষ্ঠান আগবাঢ়ি আহিছে পলিথিনৰ পৰা মুক্তি দিয়াবলৈ ৷ এনে এক প্ৰয়াস চিৰমৌৰ জিলাৰ লানাভাল্টা পঞ্চায়তৰ অন্তৰ্গত বাৰু চাহিবতো কৰা হৈছে ৷ বাৰু চাহিবত কলগীধৰ ট্ৰাষ্টে কাষৰীয়া সকলো পঞ্চায়তৰ পৰা প্লাষ্টিকৰ জাবৰ গোটাবৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে ৷

এই বাহনবোৰে সেই পেলনীয়া প্লাষ্টিকবোৰ আনি জাবৰবোৰ প্ৰথমে একাষৰীয়া কৰে ৷ তাৰ পিচত সেইবোৰ গলোৱা হয় ইটা আৰু টাইল্চ বনাবলৈ ৷ যিবোৰ পঞ্চায়তবোৰৰ ভিতৰত হোৱা বহুতো নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয় ৷ ইয়াৰোপৰি অন্য পেলনীয়া সামগ্ৰী সমূহেৰে কাগজৰ বেগ,ফাইল ক'ভাৰ আদিৰ দৰে সামগ্ৰী নিৰ্মাণ কৰে ৷ প্লাষ্টিকৰ বটলবোৰেৰে পলী ইটা আৰু ফুলদানিও নিৰ্মাণ কৰা হয় ৷

বাৰু চাহিবৰ উদ্যোগতো প্লাষ্টিকৰ বটলেৰে সুন্দৰ ফুলদানি নিৰ্মাণ কৰা হয় ৷ সকলোৱে নিজৰ ঠাইখিনি প্লাষ্টিক মুক্ত কৰাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা নিৰ্মিত সামগ্ৰী সমুহৰ ব্যৱহাৰ পদপথ নিৰ্মাণতো ব্যৱহাৰ কৰিব পৰা যায় ৷ লানা ভাল্টা পঞ্চায়তৰ প্ৰধান ৰূপিন্দৰ কৌৰে কৈছিল যে বাৰু চাহিবত ভিন্ন প্ৰকাৰে প্লাষ্টিক বা পলিথিনৰ ব্যৱহাৰ হৈ আছে ৷ ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আৰম্ভ হোৱা এই প্লাষ্টিক মুক্ত অভিযানক এক আদৰণীয় পদক্ষেপ বুলিও উল্লেখ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যিবোৰ পঞ্চায়ত পলিথিন মুক্ত হৈ আছে,তাতেই শীঘ্ৰতাৰে স্বচ্ছতাৰ সপোন ফলিয়াব ৷

উল্লেখ্য যে, চিৰমৌৰ জিলাৰ বাৰু চাহিবত পলিথিনৰ ব্যৱহাৰিতাক লৈ এক সাৰ্থক প্ৰয়াস কৰা হৈছে ৷ এনেদৰেই লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্লাষ্টিক মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে চেষ্টা কৰি আছে ৷

লগতে পঢ়ক:পেলনীয়া প্লাষ্টিক এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দুঃ তিনি দশক জুৰি ভুৱনেশ্বৰৰ এহাল দম্পত্তিৰ ব্যতিক্ৰমী প্ৰচেষ্টা

Last Updated : Dec 17, 2019, 12:57 AM IST

ABOUT THE AUTHOR

...view details