নেশ্যনেল ডেক্স,16 মেঃ প্ৰব্ৰজনকাৰী শ্ৰমিকসকল হ'ল অনানুষ্ঠানিক ক্ষেত্ৰসমূহৰ সকলোতকৈ অসুৰক্ষিত শ্ৰেণী । দেশৰ কৰ্মীসংখ্যাৰ 80 শতাংশ হ'ল এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকল আৰু তেঁওলোকৰ ওপৰতেই দেশৰ আন্তঃগাঠনিও তৈয়াৰ কৰা হয় ।
কিন্তু লক ডাউন ঘোষণা হোৱাৰ পিছতেই কৰ্মসংস্থানৰ অভাৱত খাদ্য তথা অৰ্থ সংকটত ভোগা এই শ্ৰমিকসকলৰ সৰহ সংখ্যকেই যিকোনো প্ৰকাৰে নিজ নিজ ঘৰলৈ উভটি যোৱাৰ বাবে বিভিন্ন পন্থা অবলম্বন কৰিছে । ইয়াৰ ভিতৰত বহু শ্ৰমিক নিজ গৃহত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যুমুখতো পৰিছে ।
16 মে,2020- উত্তৰ প্ৰদেশৰ ঔৰাইয়া জিলাত দুখন প্ৰব্ৰজনকাৰী শ্ৰমিক কঢ়িওৱা ট্ৰাকৰ মুখামুখী সংঘৰ্ষত 21 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে 7 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।
14 মে,2020- মধ্য প্ৰদেশ গুণা জিলাত শ্ৰমিকৰ ট্ৰাকক তীব্ৰবেগী বাছে খুন্দিওৱাৰ ফলত 8 জন শ্ৰমিকৰ মৃত্যু হয় লগতে 54 জন শ্ৰমিক আহত হয় ।
13 মে,2020- উত্তৰ প্ৰদেশ মুজাফৰপুৰ-ছাহাৰনপুৰ ৰাজ্যিক ঘাইপথত হাৰিয়ানাৰ পৰা বিহাৰ অভিমূখে গৈ থকা 16 জনকৈ শ্ৰমিকক তীব্ৰবেগী বাছে খুন্দিয়াই নিহত কৰে ।
9 মে,2020- মধ্যে প্ৰদেশ নৰসিংহপুৰত দুৰ্ঘটনাত পতিত হৈ 5 জন শ্ৰমিক নিহত আৰু 13 জন আহত হয় ।
8 মে,2020- মহাৰাষ্ট্ৰৰ জলনাৰ পৰা ঔৰাংগাবাদ অভিমূখী মালবাহী ৰে'লে ৰে'ল লাইনত শুই থকা 15 জনকৈ লোকক মহতিয়াই নিয়ে ।
5 মে,2020- উত্তৰ প্ৰদেশৰ মথুৰা জিলাত ট্ৰাক আৰু অটোৰ সংঘৰ্ষৰ ফলত 7 জন শ্ৰমিক নিহত আৰু 2 জন গুৰুতৰভাৱে আহত হয় । আটাইকেইজনেই মধ্য প্ৰদেশৰ ছতৰপুৰৰ নিবাসী আছিল ।
3 মে,2020- মহাৰাষ্ট্ৰত আৰু উৰিষ্যাত দুটা পৃথক পৃথক দুৰ্ঘটনাত উৰিষ্যা অভিমূখী 6 জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হয় । প্ৰথম দুৰ্ঘটনাটোত দুৰ্ঘটনাত পতিত বাছখনে 50 জন শ্ৰমিকক কঢ়িয়াই লৈ গৈছিল । আনহাতে, দ্বিতীয় দুৰ্ঘটনাটোত বাছখনত 50 গৰাকী শ্ৰমিক আছিল ।
1 মে,2020- দিল্লীৰ পৰা বিহাৰ অভিমূখে এটি দলৰ সৈতে চাইকেলেৰে যাত্ৰা কৰা 35 বৰ্ষীয় এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটি ছাজাহানপুৰৰ 24 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় ।
29 এপ্ৰিল,2020- মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ সীমান্তত 1640 কিলোমিটাৰ মাৰাথান যাত্ৰা কৰা শ্ৰমিকৰ এটি দলৰ এজন লোকৰ চাইকেলৰ পৰা পৰি মৃত্যু হয় । মৃত শ্ৰমিকজন মধ্য প্ৰদেশৰ বিজাসেন অঞ্চলৰ তাবাৰাক আনছাৰি ।
28 এপ্ৰিল,2020- মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ সীমান্তৰ আন্তঃজিলা ছেক পোষ্টৰ পৰা পলোৱাৰ সময়তেই এজন 45 বৰ্ষীয় শ্ৰমিকৰ মৃত্যু হয় ।