অসম

assam

ETV Bharat / bharat

দিল্লীত মৃত্যুদূত ৰূপত বায়ু প্ৰদূষণ - ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণ কি কৈছিল শস্যৰ অৱশিষ্ট জ্বলাই দিয়া সন্দৰ্ভত

যদি এক টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়া হয় তেন্তে 60 কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মন'ক্সাইড, 100 কিঃগ্ৰাঃ গ্ৰীণ হাউচ গেছ আৰু তিনি কিঃগ্ৰাঃ চালফাৰ -ডাই -অক্সাইড নিৰ্গত হয় ৷ উল্লেখ্য যে, প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ-প্ৰদেশে 5 কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে ৷

দিল্লীত মৃত্যুদূত ৰূপত বায়ু প্ৰদূষণ

By

Published : Nov 6, 2019, 5:51 PM IST

নিউজ ডেস্ক, 6 নৱেম্বৰঃ ৰাজধানী চহৰ দিল্লীৰ আৱাসী সকলে তীব্ৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে ৷ প্ৰতিবছৰে দীপান্বিতাৰ পাচত দিল্লীৰ পৰিৱেশ এনেদৰে অপ্ৰীতিকৰ হৈ পৰে ৷ চলিত বৰ্ষতো বায়ু প্ৰদূষণ মাত্ৰাধিক ৰূপত দেখা দিছে ৷ যোৱা আগষ্ট আৰু ছেপ্তেম্বৰ মাহত ৰাজধানীখনত হৈ থকা বৰষুণৰ বাবে জলবায়ু যথেষ্ট উন্নত হোৱা দেখা গৈছিল ৷ সমগ্ৰ উত্তৰ ভাৰতত দীপান্বিতাত জ্বলোৱা ফটকা আদিৰ বাবে অঞ্চলটো ধোৱাচন্ন হৈ পৰে আৰু চুবুৰীয়া ৰাজ্যসমূহত খেতিপথাৰৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সামগ্ৰিকভাৱে দিল্লীৰ আকাশ-বতাহ ধোৱাই আগুৰি ধৰে ৷ দিল্লীত এই ভয়াৱহৰূপ ধৰা ধোৱাময় পৰিৱেশৰ বাবে দিল্লী প্ৰদেশৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে ৰাজহুৱা স্বাস্থ্য জনিত আপাতকালীন স্থিতি ঘোষণা কৰিবলৈ বাধ্য হয় ৷ নৱেম্বৰৰ পাঁচ তাৰিখলৈকে দিল্লী চৰকাৰে স্থানীয় বিদ্যলয়সমূহ বন্ধ ঘোষণা কৰাৰ লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰে ৷ দিল্লী চৰকাৰে শেহতীয়াভাৱে যুগ্ম-অযুগ্ম বাহন চলাচল কৰোৱা নীতিয়ে পৰিস্থিতিৰ গভীৰতা ইতিমধ্যে প্ৰকাশ কৰিছে ৷ শাসকীয় চৰকাৰখনৰ মন্ত্ৰীসকলে শস্য পথাৰৰ অৱশিষ্ট জ্বলাই দিয়া বিষয়টোত বৰষুণে প্ৰদূষণ ৰোধ কৰিব বুলি যুক্তি দৰ্শাইছে যদিও বায়ুৰ গুণমান নিৰ্দেশক সূচীয়ে ইয়াৰ বিপৰীত স্থিতি দৰ্শাইছে ৷ লক্ষণীয় যে, যদি বায়ুৰ গুণমান সূচী অনুসৰি ইয়াৰ স্থিতি 400-500 ৰ ভিতৰত থাকে তেনেহ'লে বায়ু প্ৰদূষণ সংকাজনক বুলি বিবেচিত কৰা হয় ৷ কিন্তু শেহতীয়া তথ্য অনুসৰি ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ মান 500 ৰো অধিক বুলি নিৰ্ধাৰিত সূচীয়ে প্ৰকাশ কৰিছে ৷ এই ঘটনাৰ ফলত বিভিন্ন বিমান সেৱা বাতিল কৰা হৈছে ৷ ৰাজধানী দিল্লীৰ চুবুৰীয়া অঞ্চল যেনে, গুৰুগ্ৰাম, নয়ডা, ফৰিদাবাদ,গাজিয়াবাদ আদি অঞ্চলৰ আৱাসী সকলে মুখা অবিহনে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো কষ্ট সাধ্যকৰ হিচাপে দেখা দিছে ৷ ইপিনে, তেলেংগানা, মহাৰাষ্ট্ৰ,মধ্যপ্ৰদেশ, চট্টিশগড়, আৰু ওড়িশা, আদি ৰাজ্যতো বায়ু প্ৰদূষণে দেখা দিছে ৷

ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণ চমুকৈ এন জি টিয়ে চাৰি বছৰ পূৰ্বে শস্যৰ অৱশিষ্ট জ্বলাই দিয়া কাৰ্য নিষিদ্ধ কৰিছিল ৷ হাৰিয়ানা, পঞ্জাৱ আদি চৰকাৰে এন জি টিৰ এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কেন্দ্ৰীয় চৰকাৰেও এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে 11 শ কোটি টকা ধাৰ্য কৰিছিল যদিও স্থিতাৱস্থাৰ পৰিৱৰ্তন নহ'ল ৷ যদি এক টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়া হয় তেন্তে 60 কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মন'ক্সাইড, 100 কিঃগ্ৰাঃ গ্ৰীণ হাউচ গেছ আৰু তিনি কিঃগ্ৰাঃ চালফাৰ -ডাই -অক্সাইড নিৰ্গত হয়৷ উল্লেখ্য যে, প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ-প্ৰদেশে 5 কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে ৷ ইয়াৰ ফলত কেৱল প্ৰদূষিত গেছে নহয় পৰিৱেশৰ বাবে প্ৰয়োজনীয় বেক্টৰিয়া সংবাহক কীট-পতংগ আদিও মৃত্যু মুখত পৰে ৷ এই অঞ্চলবোৰত জলবায়ুৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে ৷ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ চমুকৈ ই পি চিয়ে হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লী চৰকাৰক কঠোৰ কাৰ্যব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিছে ৷ বিশেষজ্ঞ সকলে এই অঞ্চলসমূহত প্ৰচলিত কুঁহিয়াৰ আৰু ধান খেতিৰ সলনি জোৱাৰ আদিৰ দৰে খাদ্য শস্য ৰোপণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

বায়ু প্ৰদূষণৰ এই ভয়াৱহতা কেৱল দিল্লী অথবা কিছুমান চহৰতে সীমাবদ্ধ হৈ থকা নাই ৷ শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষৰ দুই তৃতীয়াংশ চহৰেই বিষাক্ত গেছ চেম্বাৰত পৰিণত হৈছে ৷ বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক অনুসৰি বিশ্বৰ 180 খন দেশৰ ভিতৰত ভাৰতে সৰ্বনিম্ন স্থানত অৱস্থান কৰিছে ৷ দেশখনত দৈনিক মৃত্যু হোৱা প্ৰতি আঠজন মানুহৰ ভিতৰত বায়ু প্ৰদূষণৰ বাবে এজনৰ মৃত্যু ঘটে ৷ চীনত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ৷ সেই দেশখনে উদ্যেগিক প্ৰদূষণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে ৷ ইপিনে, ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 23 শতাংশ বৃদ্ধি পাইছে ৷ সৰ্বভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ-এ ইতিমধ্যে বায়ু প্ৰদূষণৰ বাবে হৃদৰোগ আৰু হাঁও-ফাওৰ ৰোগ বৃদ্ধি পোৱা বুলি সতৰ্কতা জাৰি কৰিছিল ৷ চিকাগো বিশ্ববিদ্যালয়ে শেহতীয়া ভাৱে এক সমীক্ষাত প্ৰকাশ কৰিছে যে, বায়ু প্ৰদূষণে মানুহৰ জীৱনকাল সামগ্ৰিক গড়তকৈ সাত বছৰ হ্ৰাস কৰিছে ৷ ভয়াৱহতা ইমানে বৃদ্ধি পাইছে যে, দক্ষিণ ভাৰতৰ কুৰ্নুল আৰু ৱাৰেংগেল জিলাত নিকেল আৰু আৰ্চেনিকৰ পৰিমাণ অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে ৷ ভাৰতবৰ্ষৰ 66 কোটি জন সাধাৰণক বায়ু প্ৰদূষণে প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰিছে ৷ অষ্ট্ৰেলিয়া, কানাডা আদি দেশে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত লক্ষণীয় উদাহৰণ দাঙি ধৰিছে ৷ ভাৰতেও এইক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাটো সময়ৰ আহ্বান ৷ লগতে চৰকাৰ আৰু ইয়াৰ জনসাধাৰণে যদি সমূহীয়া ভাৱে আগবাঢ়ে তেনেহ'লে বতৰ পৰিৱৰ্তনৰ এই ভয়াৱহা ৰোধ কৰা যাব ৷

ABOUT THE AUTHOR

...view details