অসম

assam

ETV Bharat / bharat

কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি - কাৰিপুৰ বিমানবন্দৰ

ডুবাইৰ পৰা 190 গৰাকী যাত্ৰীসহ বিমানখন কাৰিপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুঘটনাত পতিত হৈছিল ৷ তাৰ পিচতেই ভৰিত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 68 বছৰীয়া অৰবিন্দক্ষনৰ মৃত্যু হয় ৷

Plane crash toll climbs to 20 as one more passenger dies
কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি

By

Published : Aug 23, 2020, 9:23 AM IST

Updated : Aug 23, 2020, 10:00 AM IST

নিউজ ডেস্ক, 23আগষ্টঃএয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী 53 বছৰীয়া এগৰাকী ব্যক্তিৰ শনিবাৰে চিকিৎসালয়ত মৃত্যু হয় ৷ বিমান দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ বায়নাড জিলাত শনিবাৰে লোকজনৰ বিয়লি মৃত্যু হোৱাৰ তথ্য সদৰি কৰে এগৰাকী চৰকাৰী বিষয়াই ৷

কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি

বিমানখনৰ পাইলট আৰু সহযোগী পাইলটসহ 18 গৰাকী যাত্ৰীয়ে মৃত্যুক সাৱটি লৈছিল আৰু বহু কেইগৰাকী আঘাটপ্ৰাপ্ত হৈছিল ৷ উল্লেখযোগ্য যে, ডুবাইৰ পৰা 190 গৰাকী যাত্ৰীসহ বিমানখন কাৰিপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুঘটনাত পতিত হৈছিল ৷ তাৰ পিচতেই ভৰিত আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা 68 বছৰীয়া অৰবিন্দক্ষনৰ মৃত্যু হয় ৷ কাৰ্ডিয়ক এৰেস্কটৰ ফলত 19 গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ নতুনকৈ বিকাশ সাধন কৰা USA ৰ আধাৰিত ৰাষ্ট্ৰীয় পৰিৱহন সুৰক্ষা বৰ্ড NTSB য়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ স্বীকৃতিপ্ৰাপ্ত প্ৰতিনিধি আৰু টেকনিকেল বিষয়াক নিযুক্ত কৰিছে ৷ ইপিনে বিমানৰ প্ৰয়োজনীয়তা দুৰ্ঘটনা আৰু দুৰ্ঘটনা অনুসন্ধান নিয়ম 2017 আৰু ICAO অনুচ্ছেদ 13 ৰ অনুসৰি AAIB য়ে ৰাজ্য সুৰক্ষা NTSB ৰ নিৰ্মাতাই দায়বদ্ধ হোৱাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়কঃপাকিস্তানৰ পতাকাৰ আৰ্হিত নিৰ্মিত চিলাসহ এজনক আটক

Last Updated : Aug 23, 2020, 10:00 AM IST

ABOUT THE AUTHOR

...view details