অসম

assam

ETV Bharat / bharat

কালধুমুহা ফেনীঃ ওড়িশাত নিহত 13জন - assam news

ফেনীৰ কৱলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ফেনীৰ কবলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : May 4, 2019, 1:07 PM IST

নিউজ ডেস্ক, 4 মেঃ বিধ্বংসী ধুমুহা ফেণীৰ কৱলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা কেন্দ্ৰ চৰকাৰৰ ৷ ওড়িশা,পশ্চিমবংগ,অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত ফেণীয়ে চলাইছে ধ্বংসলীলা৷

ইটিভি ভাৰতে পোৱা তথ্য অনুসৰি ওড়িশাত ফেনীৰ কৱলত ইতিমধ্যেই মৃত্যুক সাৱটিছে 13 জনকৈ লোকে ৷ মৃত্যুৰ তথ্য বৰ্তমানেও ৰাজহুৱা কৰা নাই স্পেছিয়েল ৰিলিফি কমিচনাৰে ৷ ওড়িশাৰ বিভিন্ন জিলাত ফেনীৰ কৱলত মৃত্যুৰ সংখ্যা:

  • বাড়িপাৰা ( ময়ুৰভঞ্জ জিলা) : 4 জন
  • জজপুৰ : 4 জন
  • বালাচোৰ: 1 জন
  • কেন্দ্ৰপাৰা : 2 জন
  • পুৰী: 1 জন
  • নয়াগড় : 1 জন

ওড়িশাৰ বিভিন্ন প্ৰান্তত ফেনী ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷

ফেনীৰ কবলত পৰা ৰাজ্যসমূহৰ বাবে 1000 কোটি টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ABOUT THE AUTHOR

...view details