ইণ্টাৰনেশ্যনেল ডেস্ক,8 ফেব্ৰুৱাৰী:চীনত মহামাৰী ৰূপ লোৱা ক'ৰনা ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ সংখ্যা 719 জনলৈ বৃ্দ্ধি হৈছে বুলি প্ৰকাশ চীন চৰকাৰী সূত্ৰৰ ৷চীন চৰকাৰৰ স্বাস্থ্যবিভাগৰ মতে,ক'ৰনা ভাইৰাছৰ কেন্দ্ৰস্থলহুবেই প্ৰদেশত বৰ্তমানলৈ হোৱা মৃত্যুৰ সংখ্যা 699 জন ৷ লগতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা 22,112 জনৰ পৰা 24,953 জনলৈ বূদ্ধি ৷
চীনৰ আঞ্চলিক স্থাস্থ্য কমিটিয়ে দিয়া বিবৃতি মতে, হুবেই প্ৰদেশত ক'ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ নিউমোনিয়া হোৱা ৰোগীৰ সংখ্যা 24,953 জনৰ বিপৰীতে উহানত 13,603 জন লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৷ বৰ্তমানলৈ 19,835 জন লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে, এতিয়াও 67,802 জন লোক মেডিকেল পৰ্যবেক্ষণত আছে ৷
চীনত ক'ৰনা ভাইৰাছৰ সংহাৰ : মৃত্যুৰ সংখ্যা 719 লৈ বৃদ্ধি - চীনত ক'ৰনা ভাইৰাছৰ মৃত্যুৰ সংখ্যা
বিশ্বৰ বাবে আতংক ক'ৰনা ভাইৰাছৰ ফলত চীনত হোৱা মৃত্যুৰ সংখ্যা 719 জনলৈ বৃদ্ধিৰ পৰিৱৰ্তে আক্ৰান্তৰ সংখ্যা 22,112 জনৰ পৰা 24,953 জনলৈ বৃদ্ধি ৷ সমগ্ৰ বিশ্বত এই ভাইৰাছৰ পৰা হোৱা মৃত্যুৰ সংখ্যা 721 জনলৈ বৃদ্ধি ৷
![চীনত ক'ৰনা ভাইৰাছৰ সংহাৰ : মৃত্যুৰ সংখ্যা 719 লৈ বৃদ্ধি Death toll corona virus rises to 719 in China](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6000775-thumbnail-3x2-corona.jpg)
চীনত ক'ৰনা ভাইৰাছৰ সংহাৰ : মৃত্যুৰ সংখ্যা 719 লৈ বৃদ্ধি
বৰ্তমান সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা এই ভাইৰাছবিধ প্ৰথমে হুৱেই প্ৰদেশৰ ৰাজধানী চহৰ উহানত ডিচেম্বৰ মাহত ধৰা পৰিছিল আৰু ইয়াৰ পৰাই ভাইৰাছবিধ বিস্তাৰ হৈ গৈছিল পৃথিৱীৰ বেছিভাগ দেশলৈ ৷ চীনৰ বাহিৰে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ হংকঙৰ এজন, আৰু ফিলিপাইনৰ দুজন লোকৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ ভিভন্দীত 2.50 কোটি টকাৰ গুটখা জব্দ