অসম

assam

ETV Bharat / bharat

ৱাৰাংগলত একেটা পৰিয়ালৰ ন সদস্যৰ হত্যাকাৰীক মৃত্যুদণ্ড

ৱাৰাংগলত একেটা পৰিয়ালৰ ন সদস্যৰ হত্যাকাণ্ডৰ আঁৰৰ ব্যক্তিক মৃত্যুদণ্ডৰ ৰায়দান ৷ পাঁচ মাহৰ ভিতৰতে অতিৰিক্ত জিলা আদালতে ৰায়দান কৰে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৷

Death sentence for murderer who killed nine people in Warangal
ৱাৰাংগলত একেটা পৰিয়ালৰ ন সদস্যৰ হত্যাকাৰীক মৃত্যুদণ্ড

By

Published : Oct 28, 2020, 10:31 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : অন্ধ্ৰপ্ৰদেশৰ ৱাৰাংগল জিলাত চলিত বৰ্ষৰ মে' মাহত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ আঁৰৰ ব্যক্তিক হত্যাকাণ্ডৰ ৰায়দান দিয়া হৈছে ৷ উল্লেখ্য যে, গোৰেকোন্টাত ন জনকৈ লোকক হত্যাৰ কৰাৰ সন্দেহত আটক কৰা হৈছিল সঞ্জয় কুমাৰ যাদৱ নামৰ লোকজনক ৷ এগৰাকী মহিলাক হত্যা কৰি ঘটনাটো লুকুৱাৰ চেষ্টা কৰা বাবেই এটি তিনিবছৰীয়া শিশুসহ পৰিয়ালটোৰ আঠজন সদস্যক হত্যা কৰিছিল যাদৱে ৷

ৱাৰাংগলত একেটা পৰিয়ালৰ ন সদস্যৰ হত্যাকাৰীক মৃত্যুদণ্ড

উল্লেখ্য যে, পৰিয়ালটোক নিচাযুক্ত দ্ৰব্য প্ৰদান কৰাৰ পাচত অচেতন হৈ পৰাত আটাইকেইজনকে কুঁৱাত পেলাই হত্যা কৰিছিল সঞ্জয় কুমাৰ যাদৱে ৷

এই চাঞ্চল্যকৰ ঘটনাৰ পাচতে তদন্ত আৰম্ভ কৰি বিপাঙত পৰিছিল আৰক্ষী বিভাগ ৷ প্ৰাৰম্ভিক পৰ্যায়ত হত্যাকাণ্ডৰ সৈতে হত্যাকাৰীৰ যোগসূত্ৰ স্থাপন কৰিবলৈ বহু কষ্ট কৰিবলগা হৈছিল আৰক্ষী বিভাগ ৷ অৱশেষত ঘটনাৰ 4 দিন পাচত অৰ্থাৎ 25 মে'ত আৰক্ষীয়ে সঞ্জয় যাদৱক আটক কৰিবলৈ সক্ষম হয় ৷ পাঁচ মাহৰ ভিতৰতে সকলো ঘটনাৰ তদন্ত কৰি ৱাৰাংগলৰ অতিৰিক্ত জিলা দণ্ডাধীশে সঞ্জয়ক মৃত্যুৰ ৰায়দান কৰে ৷

অৱশ্যে এই ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ হত্যাকাৰী সঞ্জয়ক সুবিধা প্ৰদান কৰা হৈছে ৷ জিলা আদালতৰ বিচাৰকে কয় যে, ভাৰতীয় দণ্ডাবিধি আইনৰ 449, 328, 380, 404 আৰু 302 অনুচ্ছেদৰ অধীনত হত্যাকাৰী সঞ্জয়ক মৃত্যুদণ্ড প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা

ABOUT THE AUTHOR

...view details