অসম

assam

অমৰাৱতীৰ মৃত্যুঘণ্টা!

By

Published : Jan 28, 2020, 12:14 PM IST

“আমি অমৰাৱতীৰ লগত অন্যায় কৰা নাই । সংখ্যাগৰিষ্ঠতাৰ বলত পূৰ্বতে নিৰ্ধাৰিত অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীৰ পাখি কাটি তেওঁলোকে পাঁচ বছৰৰ নহয়,শ বছৰৰ ভুল শুদ্ধ কৰা বুলি তেওঁলোকে ক’ব খুজিছে। কোনে ক'ব খুজিছে ?

অমৰাৱতীৰ মৃত্যুঘণ্টা!
অমৰাৱতীৰ মৃত্যুঘণ্টা!

উচ্চতম ন্যায়ালয়ে পুনৰবাৰ স্পষ্ট কৰি দিছে যে এজন লোক যিমানেই উচ্চপদস্থ বা ক্ষমতাশালী নহওক কিয়,সংবিধান আৰু আইন তেওঁতকৈ সদায় ওপৰত । The totalitarian attitude“আমিয়ে সৰ্বস্ব” মনোবৃত্তিৰে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীৰ মেগা প্ৰকল্পৰ কামত বাধা আৰোপ কৰিব খোজা কাৰ্য আশ্চৰ্যৰ বিষয়। সংখ্যাগৰিষ্ঠতাৰ বলত পূৰ্বতে নিৰ্ধাৰিত অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীৰ পাখি কাটি তেওঁলোকে পাঁচ বছৰৰ নহয়,শ বছৰৰ ভুল শুদ্ধ কৰা বুলি তেওঁলোকে ক’ব খুজিছে। “আমি অমৰাৱতীৰ লগত অন্যায় কৰা নাই । কিন্তু আমি আন অঞ্চলসমূহৰ প্ৰতিও ন্যায় প্ৰদান কৰিছো” বিধানসভাত এনেধৰণৰ দ্ব্যৰ্থতাপূৰ্ণ মন্তব্য কৰা হৈছে । নতুন ৰাজ্যৰ সপোনৰ ৰাজধানীৰ বাবে স্বেচ্ছাই ৩৪ হাজাৰ একৰ ভূমি এৰি দিয়া খেতিয়কসকলৰ পিঠিতেই চৰকাৰৰ নিষ্ঠুৰ লাঠীৰ কোব পৰিছে । খেতিয়কসকলে প্ৰদান কৰা মাটিতে গঢ়ি উঠা বিধানসভাত লিখা হৈছে খেতিয়কসকলৰ আকাংক্ষাৰ মৃত্যুৰ পৰোৱানা। ক্ষমতাত অধিষ্ঠিত হ’লে অমৰাৱতীৰ গৰিমা মষিমূৰ কৰি তিনিখন ৰাজধানী নিৰ্মাণ কৰিম বুলি ৱাই চি পিয়ে ঘোষণা কৰিছিলনে ? নাই, কাহানিও কৰা নাছিল। খুব সম্ভৱ নিৰ্বাচনত অপ্ৰত্যাশিত বিজয় সাব্যস্ত কৰাৰ পাছতহে তেনেধৰণৰ বিষাক্ত চিন্তাবোৰ আহিছিল। ৱাই চি পিৰ হাতত শাসনৰ বাঘজৰী অহাৰ লগে লগে সকলো ধৰণৰ উন্নয়নমূলক কামকাজ বন্ধ হৈ পৰে। অভিযোগ কৰা হৈছে যে অমৰাৱতী বান প্ৰৱণ অঞ্চল আৰু ভূমিৰ প্ৰকাৰ অস্থিৰ হোৱা বাবে নিৰ্মাণৰ খৰচ অত্যধিক হ’ব। ভিতৰুৱা ব্যৱসায়ৰ জৰিয়তে দুৰ্নীতি সংঘটিত হোৱা বুলি মন্ত্ৰীসকলে অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে। দক্ষিণ আফ্ৰিকাৰ দৰে-বিধান মণ্ডল,প্ৰশাসন আৰু ন্যায়িক বিষয়ৰ বাবে পৃথক পৃথক ৰাজধানীৰ বাবে নতুন চিন্তা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বছটন কনছালটেন্সী গ্ৰুপৰ বিশেষজ্ঞ সমিতিৰ বাবে বেদ বাক্য হৈ পৰিল। একেটা সুৰতে উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে নাচিবলৈ ল’লে আৰু সকলো অঞ্চলৰ একত্ৰিত উন্নয়নৰ বাবে বিকেন্দ্ৰীকৰণৰ ৰাস্তা মুকলি কৰা হয়। এনেদৰেই মুখ্যমন্ত্ৰীৰ ইচ্ছা পূৰ্ণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ক’বলৈ হ’লে সদ্যোজাত নৱজাতক অমৰাৱতীক চৰকাৰৰ দ্বাৰাই হত্যা কৰা হ’ল।

ঐতিহাসিক অমৰাৱতীৰ শতিকা প্ৰাচীন ভাস্কৰ্য শিল্প

ছবছৰ পূৰ্বে এখন ৰাজধানী অবিহনে ১৭ হাজাৰ কোটি টকা ৰাজহ ঘাটিৰে ইউ পি এ চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ জন্ম দিছিল। ২০১৪ চৰ ইস্তাহাৰত ৱাই চি পিয়ে সাধাৰণ মানুহে সজহে ঢুকি পোৱা অথচ বিশ্বমানৰ আৰু কেৱল ভাৰতৰ ৰাজ্যৰ ৰাজধানীসমূহৰ লগতে নহয়,পৃথিৱীৰ ধুনীয়া ৰাজধানীসমূহৰ সৈতে ফেৰ মাৰিব পৰা এখন ৰাজধানী নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনকি বিগত বিধানসভা নিৰ্বাচনৰ সময়ত তিনিওটা অঞ্চলকে সমানভাৱে গঢ়ি তোলা হ’ব বুলি দলটোৱে প্ৰতিশ্ৰুতি দিছিল। বিকেন্দ্ৰীকৰণৰ নীতি অনুসৰি নিৰ্মাণ কৰিবলগীয়া এই ৰাজধানীয়ে সকলোকে সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। ইয়াত তিনিখন ৰাজধানীৰ কথা উল্লেখ আছিলনে ? ৱাই চি পি দলে প্ৰতিশ্ৰুতিত কোৱা অনুসৰি যেতিয়া ৰাজধানী নিৰ্মাণকে ধৰি বৃহৎ প্ৰকল্পবোৰ গ্ৰহণ কৰা হয়,তেতিয়া বিত্তীয় আৰু নিৰ্মাণ খণ্ডত বহু ধন বা প্ৰকল্পৰ আগমণ ঘটিব। এটা খণ্ডৰ দ্ৰুত বিকাশে আন খণ্ডৰ বিকাশ ঘটাই উন্নয়নৰ হাৰ বৃদ্ধি কৰে। তেনে ক্ষেত্ৰত অমৰাৱতীৰ বিকাশত কিয় বাধা দিয়া হৈছে তাৰ উত্তৰ ৱাই চি পিৰ হাই কমাণ্ডে দিয়া উচিত। সামাজিক-অৰ্থনৈতিক উন্নয়নৰ ফল যাতে সকলোৱে সমানভাৱে লাভ কৰে তাৰ বাবেজিলা,তালুক, মণ্ডল, পঞ্চায়তআদি সৃষ্টি কৰা হোৱা নাইনে ? তেনে সংস্থা বা প্ৰতিষ্ঠানসমূহক পুঁজি আৰু শক্তি প্ৰদানৰ চিন্তা কৰাৰ সলনিকৰণ লৈকে উচ্চ ন্যায়ালয় আৰু বিশাখাপট্টনমত সচিবালয় স্থানান্তৰিত কৰি অঞ্চলসমূহৰ মাজত সৃষ্টি কৰিব খোজা বৈষম্যৰ প্ৰথমটো পদক্ষেপ। নিশ্চিতভাৱে এয়া ৰাজ্যখনৰ উন্নয়নৰ মৃত্যুঘণ্টা আৰু তেওঁলোকৰ ৰাজনৈতিক বহুৱালিৰ পৰিচয় ।

যিকোনো এখন ৰাজ্যৰ বাবে ইয়াৰ ৰাজধানীখন মুৰব্বীৰ দৰে। “আমি কি,আমি কি ৰাজধানী বিচাৰো” ‘Financial Services Modernization Act’ স্বাক্ষৰ কৰাৰ সময়ত বিল ক্লিণ্টনে এনেদৰে কৈছিল । ২০১৪ চনৰ ছেপ্টেম্বৰত চন্দ্ৰবাবু নাইডুৰ চৰককাৰে সংকল্প গ্ৰহণ কৰি কৈছিল যে নতুন ৰাজধানীখন হ’ব সৰ্বাংগীণ উন্নৰ ক্ষেত্ৰ যিয়ে বিত্তীয় দিশত অগ্ৰণী ভূমিকা লোৱাৰ লগতে সংস্কৃতিৰ গৌৰৱবোৰ পুনৰুদ্ধআৰ কৰিব। ৰাইজ আৰু চৰকাৰৰ পাৰস্পৰিক সহযোগিতাৰে এই ৰাজধানীৰ বিকাশ সাধন কৰা হ’ব। আঠাইশ হাজাৰ কৃষকে স্ব-ইচ্ছাৰে তেওঁলোকৰ উৰ্বৰ আৰু ফচল প্ৰদান কৰা ৩৪ হাজাৰ একৰ ভূমি ৰাজধানী নিৰ্মাণৰ বাবে সমৰ্পণ কৰিছিল প্ৰমাণ। অমৰাৱতী ৰাজধানী স্বনিৰ্ভৰশীল হোৱাৰ লগতে এক সম্পদ হ’ব পাৰে বুলি কোৱা উচ্চ পৰ্যায়ৰ সংস্থাসমূহৰ বিশ্বাসযোগ্য প্ৰতিবেদনক জগনমোহন ৰেড্ডীৰ চৰকাৰে একাষৰীয়া কৰি থৈছে । এতিয়া ৱাই চি পি চৰকাৰে ৰাজধানী অঞ্চলত হ’বলগীয়া ১২০ খন আগশাৰীৰ অনুষ্ঠানৰ নিৰ্মাণক অনিশ্চিত কৰি ৰাজ্যখনৰ ভৱিষ্যতক সংকটৰ মাজত নিক্ষেপ কৰিছে । বছৰি ১২ হাজাৰ কোটি টকাৰ উপাৰ্জন কৰিবলৈ অমাৰৱতীৰ সক্ষমতা আছে। বিগত আঠ বছৰত চি আৰ ডি এয়ে ১২,৬০০ কোটি টকাৰ সাহায্য বিচাৰিছে। বৰ্তমান চৰকাৰখনে চি আৰ ডি এ ভংগ কৰিছে । ৰাজধানীৰ বাবে কৃষকসকলৰ মৰমৰ মাটি টুকুৰা দান দি কৰা ত্যাগ অথলে গ’ল। কিন্তু জগন চৰকাৰৰ কামকাজে তেওঁলোকৰ লগতে ৰাজ্যখনৰ ভৱিষ্যতকো সংকটাপন্ন কৰিব ।


লগতে চাওকঃবঢ়মপুৰত ঘৰৰ বেৰ কাটি সোমাবলৈ গৈ ৰাইজৰ হাতত প্ৰহৃত যুৱক

ABOUT THE AUTHOR

...view details