অসম

assam

ETV Bharat / bharat

আজি মিছাইল মেন এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী - etv bharat

আজি মিছাইল মেন এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী

আজি মিছাইল মেন এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী

By

Published : Jul 27, 2019, 3:03 AM IST

Updated : Jul 27, 2019, 4:04 AM IST

"সপোন বাস্তৱত পৰিণত কৰিবলৈ সপোন দেখাতো দৰকাৰ ৷ " এই মহান বাণীৰ ধাৰণা কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ আজি মৃত্যুবাৰ্ষিকী ৷ 2015 বৰ্ষৰ 27 জুলাইত মেঘালয়স্থিত শ্বিলঙত শেষ নিশ্বাস ত্যাগ কৰিছিল মিছাইল মেন এ পি জে আব্দুল কালামে ৷


নিজৰ ভাৱ-ধাৰণাৰে সকলোকে উৎসাহ যোগোৱাৰ লগতে দেশৰ প্ৰগতি আৰু বিকাশৰ লক্ষ্যৰে কাম কৰা আব্দুল কালামৰ সম্পূ্ৰ্ণ নাম আছিল আবুল পাকিৰ জয়নালআবেদিন আব্দুল কালাম ৷ 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল মিছাইলমেন খ্যাত আব্দুল কালামে ৷

1962 বৰ্ষত ভাৰতীয় মহাকাশ অনুসন্ধান কেন্দ্ৰ চমুকৈ (ISRO)-ত যোগদান কৰিছিল কালামে ৷ কেৱল এয়াই নহয়, ভাৰতৰ পৰমাণু পৰীক্ষণত আব্দুল কালামৰ অৱদান আছিল অপৰিসীম ৷ ISRO-ৰ সৈতে 20 বছৰ জড়িত হৈ থকাৰ পিচত 10 বছৰৰ বাবে DRDO-ৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল কালাম ৷ 'অগ্নি' আৰু 'পৃথ্বী' মিছাইলৰ নিৰ্মাণ কাৰ্যতো কালামৰ অৱদান শলাগ ল'বলগীয়া ৷

ভাৰতৰ মিছাইলমেন আব্দুল কালাম 2002 বৰ্ষৰ 18 জুলাইত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ৷ 2002 বৰ্ষৰ 25 জুলাইত ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিছিল কালামে ৷ 2007 বৰ্ষৰ 25 জুলাইত সমাপ্ত হৈছিল তেওঁৰ কাৰ্যকাল ৷

1997 বৰ্ষত ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল আব্দুল কালামক ৷ তাৰোপৰি, 1990 বৰ্ষত পদ্মবিভূষণ আৰু 1981 বৰ্ষত ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল কালামক ৷ 2000 বৰ্ষত ৰামানুজন বঁটাৰে পুৰস্কৃত কৰা হৈছিল কালামক ৷

অসম আৰু উত্তৰপূবৰ বাবে তেওঁৰ দূৰ্বলতা আছে বুলি প্ৰায়েই উল্লেখ কৰা ব্যক্তিগৰাকীয়ে অৱশেষত সকলোকে কন্দুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙত আকস্মিকভাৱে নিয়তিৰ ওচৰত হাৰ মানিছিল ডo আব্দুল কালাম ৷

Last Updated : Jul 27, 2019, 4:04 AM IST

ABOUT THE AUTHOR

...view details