নিউজ ডেস্ক, ২৭ জুলাইঃমহামাৰী COVID-19 সংকটৰ বাবেই সোণৰ অলংকাৰ তথা সোণৰ দ্বাৰা প্ৰস্তুত কৰা কলাকৃতি সমূহৰ বাধ্যমূলক হলমাৰ্কৰ ম্যাদ পুনৰ চাৰি মাহৰ তথা ২০২১ চনৰ ১ জুনলৈ বঢ়াই দিয়া হৈছে বুলি সোমবাৰে সদৰি কৰে উপভোক্তা মন্ত্ৰী ৰামবিলাস পাছৱানে ।
কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ নবেম্বৰ মাহত ঘোষণা কৰিছি যে ১৫ জানুৱাৰী ২০২১ চনৰ পৰা দেশৰ সকলো ঠাইতে সোণৰ অলংকাৰ তথা সোণৰে প্ৰস্তুত কৰা কলাকৃতি সমূহত হলমাৰ্কিং কৰাতো বাধ্যতামূলক কৰিব । চৰকাৰে সোণৰ অলংকাৰ সমূহৰ হলমাৰ্কিং স্থানন্তৰ কৰা তথাBureau of Indian Standards (BIS) ৰ সৈতে পঞ্জীয়ন কৰিবলৈ জুৱেলাৰ্ছ সকলক ১ বছৰকৈ অধিক সময় দিয়ে ।