নাগৰিকৰ অস্থিৰতাৰ মাজত কাশ্মিৰৰ দৰে এডোখৰ ঠাইত ভোটাধিকাৰ সাব্যস্ত কৰাটো এক অন্যতম প্ৰত্যাহ্বান আছিল ৷ কাশ্মীৰত নিৰ্বাচন একপ্ৰকাৰ নিষেধ ৷ কিন্তু ডি ডি চি(District Development Council)ৰ ভোটগ্ৰহণে সমাজত নিৰ্বাচনী ৰাজনীতিৰ গ্ৰহণযোগ্যতাক প্ৰদৰ্শন কৰিছে ৷ ইয়াৰ কাৰ্যক্ৰমণিকা ব্যাহত হোৱাৰ উপৰিও নিৰ্বাচনী ৰাজনীতিৰ বৈধতা 1987 চনৰ পিছৰ পৰা কাশ্মীৰ সংঘৰ্ষৰ প্ৰথম দুৰ্ঘটনা ৷ নিৰ্বাচিত প্ৰতিনিধিসকল বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰে ৷ বৰ্তমানলৈকে জম্মু-কাশ্মীৰত হিংসা ত্যাগ কৰি বেলট পেপাৰৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচাৰা 5000ত কৈও অধিক ৰাজনৈতিক কৰ্মীক হত্যা কৰা হৈছে ৷
কিন্তু সদ্য অনুষ্ঠিত DDCৰ নিৰ্বাচনে জম্মু-কাশ্মীৰ স্বায়ত্ব শাসিত পৰিষদত সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটকে সলনি কৰা পৰিলক্ষিত হৈছে ৷ গতিকে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে বৈধভাৱে স্বায়ত্ব শাসিত পৰিষদখনত যুগ যুগ ধৰি চলি অহা ৰক্তপাতৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব ৷ নিৰ্বাচন বয়কট কৰাৰ পৰা ইয়াক আকোৱালি লোৱা সিদ্ধান্তটো 2019 বৰ্ষৰ 5 আগষ্ট গ্ৰহণ কৰা হৈছিল ৷ যেতিয়া কাশ্মীৰ উপত্যকাক জম্মু-কাশ্মীৰ আৰু জম্মু-লাডাখ(এখন বিধানসভাৰ অন্তৰ্গত আৰু এখন নহয়) এই দুই ক্ষেত্ৰত বিভক্ত কৰা হৈছিল ৷
আনহাতে, যিসমূহ ৰাজনৈতিক দলে নিৰ্বাচনত ভাগ লৈছিল তেওঁলোক আটাইয়ে কাশ্মীৰৰ পৰা বিশেষ ক্ষমতাৰ কৰ্তনৰ বিৰুদ্ধে আছিল ৷ তেওঁলোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক হয়তো কাৰাগাৰত প্ৰেৰণ কৰিছিল নতুবা জন সুৰক্ষা আইনৰ অধীনত নিজ নিজ বাসগৃহতে গৃহবন্দী কৰি ৰাখিছিল ৷ তেওঁলোকৰ ভিতৰত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন ৰাজ্যিক কেবিনেট মন্ত্ৰী আৰু প্ৰাক্তন সাংসদো আছিল ৷