নিউজ ডেস্ক, ১৪ অক্টোবৰ : মুকলি হোৱাৰ এদিন পিছতেই জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে সাক্ষাৎ কৰে ওমৰ আব্দুল্লা আৰু ফাৰুক আব্দুল্লাক। শ্ৰীনগৰস্থিত নিজা বাসভৱনত দুয়োৰে সৈতে আলোচনাত মিলিত হয় মুফটি ।
এই সম্বন্ধে টুইট কৰি জনায় ওমৰ আব্দুল্লাই । গুপকাৰ ঘোষণা পত্ৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে আলোচনাত মিলিত হোৱাৰ বিষয়ত এইদৰে আলোচনাত মিলিত হয় তিনিও । ইয়াৰ পূৰ্বে পিডিপি নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈছিল মুফটি ।