নিউজ ডেস্ক, 23 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে উত্তৰ প্ৰদেশৰ বলৰামপুৰত বিস্ফোৰক জেকেটৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ জানিব পৰা অনুসৰি, উদ্ধাৰ কৰা জেকেটটো আত্মঘাতী আক্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছিল ৷
আৰক্ষী সূত্ৰই আকৌ জনোৱা অনুসৰি, দিল্লী আৰক্ষীৰ বিশেষ শাখাই শনিবাৰে ISIS ৰ লগত জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ গ্ৰেপ্তাৰ কৰাৰ পিচত আৰক্ষীৰ তদন্তত তেওঁ দিল্লী আৰু উত্তৰ প্ৰদেশত আক্ৰমণ চলোৱাৰ ষড়যন্ত্ৰ চলোৱাৰ কথা প্ৰকাশ কৰিছিল ৷ আনকি, নিৰ্মীয়মান অৱস্থাত থকা অযোধ্যাৰ ৰাম মন্দিৰ আক্ৰমণৰ কথাও তেওঁ স্বীকাৰ কৰিছিল ৷