অসম

assam

ETV Bharat / bharat

লক ডাউনৰ সপ্তমটো দিন - বিশ্বজুৰি অব্যাহত আছে কৰ'ণাৰ সন্ত্ৰাস

বিশ্বজুৰি অব্যাহত আছে কৰ'ণাৰ সন্ত্ৰাস ৷ মঙলবাৰে সপ্তমটো দিন অতিক্ৰম কৰিলে লক ডাউনে ৷ আহক চাওঁ,দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক ডাউনৰ সপ্তমটো দিনৰ পৰিস্থিতি.....

day 7 of lock down  : ground report from various indian cities
লক ডাউনৰ সপ্তমটো দিন

By

Published : Apr 1, 2020, 12:04 AM IST

নিউজ ডেস্ক,31 মাৰ্চঃ

অসমঃআজি লক ডাউনৰ সপ্তমটো দিন ৷ কৰ'ণা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছে অসমবাসীয়ে ৷ কিন্তু মঙলবাৰৰ দিনটোতে আহিল অসমৰ বাবে দুৰ্ভাগ্যজনক খবৰটো ৷ অসমত প্ৰথমটো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিল লক ডাউনৰ সপ্তমটো দিনতে ৷ নতুন দিল্লীৰ নিজামুদ্দিন দৰগাহত হোৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এইগৰাকী লোকে ৷ ইতিমধ্যে অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে ব্যক্তিগৰাকীৰ সন্দৰ্ভত টুইট কৰি এই কথা প্ৰকাশ কৰিছে ৷ ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিগৰাকী 52 বছৰীয়া বুলি জানিব পৰা গৈছে আৰু তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে৷

মুম্বাইঃ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে ঘোষণা কৰে যে, মুখ্যমন্ত্ৰী আৰু বিধায়কসকলে 60 শতাংশ দৰমহা, প্ৰথম বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কৰ্মচাৰীয়ে 50 শতাংশ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰিব 75 শতাংশ দৰমহা ৷ ইয়াৰ বিপৰীতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে লাভ কৰিব সম্পূৰ্ণ দৰমহা ৷

পাঁচটা নতুন কৰ'ণা সংক্ৰমিত ঘটনা পোহৰলৈ আহিছে ৷ তাৰে চাৰিটা ঘটনা মুম্বাই আৰু এটা পুনেৰ ৷ বৰ্তমানলৈকে মহাৰাষ্ট্ৰৰ কৰ'ণা সংক্ৰান্তৰ ঘটনা 230 জনলৈ বৃদ্ধি পাইছে ৷

দিল্লীঃ 'army wives welfare association' এ চৰকাৰৰ জৰিয়তে 2500 টা খাদ্যৰ পেকেট প্ৰবজনকাৰী শ্ৰমিকসকলক প্ৰদান কৰিছে ৷

নতুন দিল্লীৰ নিজামুদ্দিন দৰগাহত হোৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা 24 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণত ৷ লগতে সন্দেহৰ আৱৰ্তত আহি পৰিছে এই দৰগাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা 1500-1700 মানুহ ৷

দিল্লী স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে, ইতিমধ্যে 334 গৰাকীক হাস্পতাললৈ পঠোৱা হৈছে আৰু 700 গৰাকীক ৰখা হৈছে কোৱাৰেন্টাইন চেন্টাৰত ৷

চণ্ডীগড়ঃ নাগৰিকসকলৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকৰ সৈতে বাৰ্তালাপ কৰিব পৰাকৈ পঞ্জাৱ চৰকাৰে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ ৷

হায়দৰাবাদঃ অন্ধ্ৰপ্ৰদেশত 17টা নতুন কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ তাৰে 9জনে অংশগ্ৰহণ কৰিছিল নতুন দিল্লীৰ নিজামুদ্দিন দৰগাহত হোৱা ধৰ্মীয় অনুষ্ঠানত ৷

আহমেদাবাদঃ লক ডাউনৰ নিয়ম উলংঘা কৰাৰ বাবে 89 জনক আটক ৷ গুজৰাটত তিনিটা নতুন কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ বৰ্তমানলৈ গুজৰাটত 73 জনলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৷

কলকাতাঃ বিভিন্ন হোটেলৰ মুঠ 700টা কোঠা চিকিৎসক আৰু নাৰ্চৰ বাবে অধিগ্ৰহণ ৷

77 বছৰীয়া কোভিড-19ৰ ৰোগী গৰাকীৰ স্বাস্থ্যৰ বিশেষ পৰ্যবেক্ষণ ৷

লক্ষ্নৌঃ উত্তৰ প্ৰদেশ বিধান সভা 14 এপ্ৰিললৈকে স্থগিত হোৱাৰ ঘোষণা ৷ কোভিড-19ৰ ৰোগীৰ সৈতে জড়িত চিকিৎসা কৰ্মীৰ বাবে 50 লাখ টকাৰ বীমাকৰণ ৷

ABOUT THE AUTHOR

...view details