নিউজ ডেস্ক, 26 মাৰ্চ :সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰণা ভাইৰাছক লৈ ভাৰততো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই মহামাৰীৰ সৈতে ভাৰতে আৰম্ভ কৰা যুঁজৰ শলাগ লৈছে ৷ ভাৰতৰ ঘন জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছে অধিক ভয়াৱহ পৰিস্থিতিৰ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ-লাগি অধিক সতৰ্কতা অৱলম্বন কৰিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশত 21 দিনৰ লকডাউন ঘোষণা কৰিছে ৷ লকডাউনৰ প্ৰথম দিনটোত সকলো পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে আৰক্ষীয়ে ৷ আজি লকডাউনৰ দ্বিতীয় দিনটোতো আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো গ্ৰহণ কৰা হয় কেতবোৰ বিশেষ সতৰ্কতা ৷ আৰক্ষীৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰান্তসমূহ ছেনিটাইজ কৰাৰ লগতে ৰেচন আৰু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ বাবে কিছু ৰেহাই প্ৰদান কৰে ৷
লকডাউনৰ দ্বিতীয় দিনটোত ক'ত কি ঘটিল, তাৰ এক চমু প্ৰতিবেদন :
গুৱাহাটী : অসমৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো ৰাজ্য প্ৰশাসনে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে ৷ সেই অনুসৰি, ৰাজহুৱা যোগান আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ক্ষেত্ৰত ক্ষন্তেক সময়ৰ বাবে হ'লেও কিছু শিথিলতা প্ৰদান কৰা হয় ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তক ছেনিটাইজ কৰাৰ লগতে 7খনকৈ নিৰ্দিষ্ট স্থানত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে চিহ্নিত কৰা হয় ৷ বৰ্তমান সময়লৈকে ৰাজ্যত কোনো কৰ'ণা পজিটিভ ঘটনা পোহৰলৈ অহা নাই আৰু সামগ্ৰিকভাৱে গোটেই ৰাজ্যত বিভিন্ন সতৰ্কতামুলক ব্যৱস্থাৰ লগতে আৰক্ষী আৰু জিলা প্ৰশাসনে কাম কৰি আছে ৷
দিল্লী : দিল্লী চৰকাৰে লকডাউনৰ দ্বিতীয় দিনটোত দোকানসমূহক অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰি খোলা ৰখাৰ ব্যৱস্থা কৰি দিছে ৷ তাৰ লগতে দোকানসমূহত যাতে অতিৰিক্ত ভিৰ নহয় সেই দিশটোৰ প্ৰতিও লক্ষ্য ৰখা হৈছে ৷ ইতিমধ্যে দিল্লী প্ৰশাসনে ৰেচনৰ লগতে অন্যান্য সামগ্ৰীৰ যাতে নাটনি নহয় সেই দিশটোৰ প্ৰতি এইদৰে দোকানসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ দিল্লীত এতিয়ালৈকে, 31 টা কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ লগতে 1জন লোকৰ মৃত্যু ঘটিছে ৷
লক্ষ্নৌ : লক্ষ্নৌত অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কিছু কিছু স্থানত নাটনিয়ে দেখা দিয়ে ৷ চহৰখনৰ বিভিন্ন স্থানত স্থানীয় নাগৰিকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত দেখা দিয়া নাটনিৰ বিষয়ে অভিযোগ উত্থাপন কৰে ৷ চহৰখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ লগতে জিলা প্ৰশাসনে বিভিন্ন সতৰ্কতামুলক ব্যৱস্থা হাতত লৈছে ৷ ইতিমধ্যে উত্তৰ প্ৰদেশত মুঠ 35 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷
আহমেদাবাদ : আহমেদাবাদ পৌৰসভাই চহৰখনৰ বাসিন্দাসকলক ৰেচনৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰাত সুবিধা প্ৰদান কৰি দিয়ে ৷ বাসিন্দাসকলক উমৈহতীয়াভাৱে এজন লোক চিনাক্ত কৰি তেওঁৰ দ্বাৰাই সকলোৰে বাবে সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়ে ৷ ইতিমধ্যে ইয়াৰ বাবে পৌৰসভাই এটা হোৱাটছ এপ নম্বৰো মুকলি কৰি দিয়ে ৷ গুজৰাটত ইতিমধ্যে 33 টা কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ লগতে 1জন লোক মৃত্যুমুখত পৰিছে ৷