নিউজ ডেস্ক, 9 এপ্ৰিলঃ আজি 16 দিন অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰীৰ আহ্বানে ৷ ৰাজ্যত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 29 জন ৷ প্ৰতিজন ৰোগীৰ চিকিৎসা অব্যাহত ৰাখিছে দ্বিতীয়টো স্বাস্থ্যকৰ্মীৰ দলে ৷ এই সময়ছোৱাত ৰাজ্যজুৰি থকা বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, পঞ্চায়ত প্ৰতিনিধি, পৌৰসভা নগৰ সমিতিৰ প্ৰতিনিধিকে ধৰি মুঠ 28 হাজাৰ জনপ্ৰতিনিধিয়ে ৰাজ্যৰ 7 লাখ অসহায় লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিবলৈ দিয়ে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিপদৰ এই সময়ছোৱাত টীয়ক, নগাঁৱৰ পঞ্চায়তৰ প্ৰতিনিদিসকলে খাদ্য সামগ্ৰী বিতৰণত অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, একাংশ দুষ্ট চক্ৰৰ অপপ্ৰচাৰৰ বলি হৈ লখিমপুৰবাসীয়ে লক ডাউন ভংগ কৰি জিলাখনৰ বেংকসমূহলৈ গৈ শাৰী পাতি থিয় হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা 1000 টকালৈ বাট চায় ৷ ইপিনে কোকৰাঝাৰ চহৰৰ পৰা পূৱ দিশে অৱস্থিত পুনদীবাৰী আৰু খুমগুৰি গাঁৱৰ ৰাইজে উপাৰ্জনৰ আন উৎসৰ লগতে এড়ী-মুগা পালনকো অন্তৰ্ভুক্ত কৰিছে ৷ পূৰ্বতে মাহে 15ৰ পৰা 20 হাজাৰ টকাকৈ এড়ীৰ পৰা উপাৰ্জন কৰে এই লোকসকলে ৷ লক্ ডাউনৰ ফলত যিখিনি অতিৰিক্ত আজৰি সময় পাইছে, সেই সময়খিনিও এড়ী উৎপাদনত ব্যয় কৰিছে লোকসকলে, ফলত অধিক উৎপাদনমুখী হোৱাৰ সম্ভাৱনাই এটা যোগাত্মক দিশ উদ্ভাসিত কৰিছে ৷
দেশখনৰ সামগ্ৰিক পৰিৱেশ..
দিল্লীঃ ৰেপিদ টেষ্ট কিট অহাৰ লগে লগে ৰাজ্যখনত আৰম্ভ হ'ব COVID 19 ৰ ৰেপিদ টেষ্টিং ৷ এই পৰীক্ষণসমূহ প্ৰথমে চহৰখনৰ হ'টস্পট সমূহত কৰা হব বুলি নিৰ্দেশ প্ৰদান কৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৷ বৰ্তমানলৈ ৰাজ্যখনত COVID 19 ত আক্ৰান্তৰ সংখ্যা 669 গৰাকী ৷ ইয়াৰে 426 জন তবলিগী মাৰ্কাজৰ স'তে জড়িত ৷ দিল্লীৰ ষ্টেট কেন্সাৰ হাস্পতালৰ 21 গৰাকী চিকিৎসা কৰ্মী বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত ৷ ইতিমধ্যে হাস্পতালখনৰ 45 গৰাকী কৰ্মচাৰীক কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈ কৰ'ণা পৰীক্ষণৰ বাবে 8 টা ব্যক্তিগত আৰু 7 টা চৰকাৰী লেৱৰটেৰী আছে ৷
মুম্বাইঃ চহৰখনত বুধবাৰে লক ডাউন ভংগ কাৰীৰ বাবে 464 টা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈ 2850 জন লক ডাউন ভংগ কাৰীক আটক কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ Bank of baroda য়ে বৃহস্পতিবাৰে ৰাইজৰ সুবিধাৰ্থে এখন ম'বাইল ATM উলিয়াই ৷ ৰাজ্যখনৰ কেবাটাও প্ৰান্তত এই মো'বাইল ATM ৰ পৰা সঁহাৰি পোৱা যাব ৷ আনহাতে কৰ'ণাত নিহত সকলৰ মৃতদেহসমূহ নিষ্কাষণ কৰা সকলৰ বাবে মুম্বাইৰ এটা বেচৰকাৰী সংস্থাই PPE প্ৰস্তুত কৰে ৷ BMC য়ে ইতিমধ্যে ৰাজ্যখনৰ 381 টা হ'টস্পট বিচাৰি উলিয়াইছে ৷