অসম

assam

ETV Bharat / bharat

অসমৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ দালাই লামাৰ - খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰতিবছৰেই বাৰিষাৰ সময়চোৱাত হোৱা মূষলধাৰ বৰষুণে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাই প্লাৱিত কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কঠিন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় জনসাধাৰণ ৷ ইয়াৰ উপৰি দুৰ্ভাগ্যজনকভাৱে চলিত বছৰত হোৱা কৰ'ণা মহামাৰীয়ে আৰু অধিক ভয়াৱহ কৰি তুলিছে পৰিস্থিতিঃ দালাই লামা

বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ ধৰ্মগুৰু দালাই লামাৰ

By

Published : Jul 17, 2020, 10:34 PM IST

ধৰমশালা,17 জুলাইঃ অসমৰ ভয়ানক বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ তিব্বতৰ ধৰ্মগুৰু তথা আধ্যাত্মিক নেতা দালাই লামাৰ ৷ এই সন্দৰ্ভত ধৰ্মগুৰু গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷

অসমত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে বানপানীৰ সময়ত চৰকাৰে কৰা উদ্ধাৰ অভিযান আৰু বানাক্ৰান্ত লোকসকলৰ মাজত সাহাৰ্য বিতৰণ কৰা কাৰ্যক প্ৰশংসা কৰি ধৰ্মগুৰু গৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে যে,প্ৰতিবছৰেই বাৰিষাৰ সময়চোৱাত হোৱা মূষলধাৰ বৰষুণে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাই প্লাৱিত কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কঠিন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় জনসাধাৰণ ৷ ইয়াৰ উপৰি দুৰ্ভাগ্যজনকভাৱে চলিত বছৰত হোৱা কৰ'ণা মহামাৰীয়ে আৰু অধিক ভয়াৱহ কৰি তুলিছে পৰিস্থিতি ৷

আনহাতে পত্ৰখনত ধৰ্মগুৰু দালাই লামাই ক্ষতিগ্ৰস্ত লোক আৰু প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি দুখ প্ৰকাশ কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে দালাই লামা ন্যাসৰ পৰা সাহাৰ্য দিয়াৰ কথাও উল্লেখ কৰে ৷

উল্লেখযোগ্য যে,অসমত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে ৷ ৰাজ্যৰ 33 খন জিলাৰ 27 খনকৈ জিলাত কালৰূপ ধাৰণ কৰিছে বানে ৷ বৰ্তমানলৈ বানত প্ৰভাৱিত হৈছে প্ৰায় 40 লাখ লোক ৷ জলমগ্ন হৈছে 3200 ত কৈও অধিক গাঁও ৷ ইফালে,বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে 71 জনকৈ লোক ৷

লগতে পঢ়কঃ বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্ৰ আক্ৰান্ত কৰ'ণা ভাইৰাছতঃ সৰৱ দেবব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details