অসম

assam

By

Published : Jun 13, 2019, 8:16 AM IST

Updated : Jun 13, 2019, 2:44 PM IST

ETV Bharat / bharat

প্ৰচণ্ড বেগেৰে "বায়ু"

বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি গুজৰাটৰ উপকূল অঞ্চলত খুন্দা নামাৰিলেও উপকূল অঞ্চলসমূহত প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে 15 জুন পৰ্যন্ত গুজৰাটৰ সমুদ্ৰলৈ মাছমৰীয়া সকলৰ যোৱাত বাধা প্ৰদান কৰা হৈছে ৷

VAYU

গুজৰাট,13 জুলাই: গুজৰাটৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণিবতাহ বায়ুৰ প্ৰভাৱত ধুমুহা ৷ আৰৱ সাগৰত প্ৰচণ্ড জোৱাৰ ভাটাৰ সৃষ্টি ৷ ঘূৰ্ণীবতাহ বায়ুৰ সৈতে মোকাবিলা কৰিবলৈ সাজু গুজৰাট প্ৰশাসন ৷ ইতিমধ্যে উদ্ধাৰ কাৰ্যৰ বাবে সাজু হৈ উঠিছে সেনা আৰু বায়ুসেনা বাহিনী ৷

Cyclone Vayu

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰা অনুসৰি গুজৰাটৰ উপকূল অঞ্চলৰ পৰা প্ৰায় 3 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ উপকূল অঞ্চলেৰে যাবলগীয়া প্ৰায় 70 খন ট্ৰেন বাতিল কৰাৰ লগতে বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখা হৈছে ৷ আনহাতে পোৰবন্দৰ , দিউ, ভাৱনগৰ , কেশ'ৰ কানড়লাৰ বিমান বন্দৰৰ উৰণ 24 ঘণ্টালৈ স্থগিত ৰখা হৈছে ৷ সেনা , ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ , বায়ু সেনাৰ হেলিকপ্টাৰৰ লগতে নৌ সেনা উদ্ধাৰ কাৰ্যৰ বাবে সাজু হৈ আছে ৷

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি গুজৰাটৰ উপকূল অঞ্চলত খুন্দা নামাৰিলেও উপকূল অঞ্চলসমূহত প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে 15 জুন পৰ্যন্ত গুজৰাটৰ সমুদ্ৰলৈ মাছমৰীয়া সকলৰ যোৱাত বাধা প্ৰদান কৰা হৈছে ৷

Last Updated : Jun 13, 2019, 2:44 PM IST

ABOUT THE AUTHOR

...view details