অসম

assam

ETV Bharat / bharat

ঘণ্টাত ১২০ কিমি গতিবেগেৰে আহি আছে ঘূৰ্ণী নিসৰ্গ - wind

ঘণ্টাত ১২০ কিমি গতিবেগেৰে অহা মহাঘূৰ্ণী নিসৰ্গই মহাৰাষ্ট্ৰৰ উত্তৰ উপকূলীয় অঞ্চল আলিবাগত পচণ্ড জোৰেৰে আঘাট কৰি তাণ্ডৱৰ সৃষ্টি কৰিব। বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিছিলে এই সকীয়নি। পৰৱৰ্তী সময়ত এই মহা ঘূৰ্ণীবতাহ উত্তৰ পূৱৰ দিশেৰে অগ্ৰসৰ হৈ ছয় ঘণ্টাৰ ভিতৰত স্তিমিত হ'ব বুলিও উল্লেখ কৰিছিল সকীয়নিটোত।

Cyclone Nisarga hits Alibaug with wind speed  of 120 kmph
ঘণ্টাত ১২০ কিমি গতিবেগেৰে আহি আছে ঘূৰ্ণী নিসৰ্গ

By

Published : Jun 3, 2020, 6:44 PM IST

নতুন দিল্লী, 3 জুনঃমহাঘূৰ্ণী নিসৰ্গই মহাৰাষ্ট্ৰৰ উত্তৰ উপকূলীয় অঞ্চল আলিবাগত তাণ্ডব সৃষ্টি কৰাৰ লগতে একেলগে লেণ্ডফ'লো আৰম্ভ হ'ব। অৱশ্যে তিনিঘণ্টাৰ ভিতৰত এই লেণ্ডফলৰ পক্ৰিয়া সমাপ্ত হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া সকীয়নিত উল্লেখ কৰা হৈছে এই তথ্যও।

IMDৰ বুলেটিনত উল্লেখ কৰা মতে,মেঘ আৱৰণৰ শেষৰ ভাগ বৰ্তমানেও সমুদ্ৰপৃষ্ঠৰ ওপৰতেই আছে আৰু প্ৰায় এঘণ্টাৰ ভিতৰত এই লেণ্ডফ'লৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। আনহাতে ঘূৰ্ণীবতাহ নিসৰ্গই উত্তৰ-পূৱৰ দিশেৰে অগ্ৰসৰ হৈ ছয় ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহ স্তিমিত হ'বগৈ ।

ইটিভি ভাৰতৰে হোৱা হোৱা এক বাৰ্তালাপত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰধান তথা বৈজ্ঞানীক ড° সাথী দেৱীয়ে উল্লেখ কৰা মতে ঘূৰ্ণীবতাহৰ পক্ৰিয়াটো পাৰ হৈ যোৱাৰ পাছত আদ্ৰতাৰ সৰবৰাহ বন্ধ হৈ পৰিব । ফলত ইয়াৰ তীব্ৰতা হ্ৰাস পাব,কিন্তু ই তিনি চাৰিঘণ্টাৰ সময় ল'ব।

যোৱা ছয়ঘণ্টা ধৰি এই ঘূৰ্ণীবতাহ ঘণ্টাত ১২০ কিমি গতিৰে আগ বাঢ়িছে। ইয়াৰ মাজতে ভাৰতীয় নৌ সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ NDRF ৰ দল উদ্ধাৰ অভিযান আৰু সাহাৰ্যৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকূলীয় অঞ্চলত অৱস্থান কৰা দেখা গৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰধান ড° সাথী দেৱীয়ে সকলোকে সতৰ্ক কৰি দি ক'লে, যিহেতু ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত আৰু তীব্ৰ বতাহ বলিব,সেয়ে সকলোৱে ঘৰৰ ভিতৰতে নিৰাপদে আবদ্ধ হৈ বতৰৰ সবিশেষ জানি থাকিবলৈ বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰচাৰিত প্ৰতি মূহুৰ্তৰ বাতৰি সমূহৰ প্ৰতি যেন লক্ষ্য কৰি থাকে।

লগতে চাওকঃ দৰিদ্ৰ পৰিয়ালক মাস্ক ছেনিটাইজাৰ বিতৰণ আৰক্ষী বিষয়াৰ

ABOUT THE AUTHOR

...view details