অসম

assam

ETV Bharat / bharat

ফেনীৰ কৱলত ভাৰতৰ পূব উপকূল , ৰেড এলাৰ্ট জাৰি

ফেনীৰ ভয়াবহতালৈ লক্ষ্য ৰাখি ওড়িশ্যাত চৰকাৰী বিদ্যালয় -মহাবিদ্যালয় বন্ধ ঘোষণা ৷ সুৰক্ষিত স্থানলৈ স্থানান্তৰ নিৰ্বাচনৰ ই ভি এম ৷

By

Published : May 2, 2019, 12:10 PM IST

Updated : May 2, 2019, 12:55 PM IST

ফেনীৰ কৱলত ভাৰতৰ পূব উপকূল , ৰেড এলাৰ্ট জাৰি

অমৰাৱতী, 2 মে' : ঘূৰ্ণিবতাহ ফেনীৰ কবলত ভাৰতৰ পূব উপকূল অঞ্চল ৷ অন্ধ্ৰ প্ৰদেশৰ উপকূল অঞ্চলৰ শ্ৰীকাকুলামত প্ৰবল ধুমুহা বৰষুণ ৷ ঘূৰ্ণি বতাহ ফেনীৰ বাবে ৰেড এলাৰ্ট জাৰি ৷ ধুমুহাৰ বেগ 200 কিমি হোৱাৰো সম্ভাৱনা ৷

ফেনীৰ কৱলত ভাৰতৰ পূব উপকূল , ৰেড এলাৰ্ট জাৰি


দুৰ্যোগ প্ৰশমন বিভাগৰ 15 টাকৈ দল, 34 খনকৈ অগ্নি নিৰ্বাপনৰ বিভাগৰ নাও , 116 টা পথ মুকলি কৰাৰ দল সাহাৰ্য্যৰ বাবে সাজু ৷ ভাৰতীয় নৌ সেনা বিভাগৰো জাহাজ তথা বিমান সাজু কৰি ৰখা হৈছে প্ৰভাৱিত অঞ্চলৰ লোকৰ সাহাৰ্যৰ বাবে ৷ নৌ সেনা বাহিনীৰ জাহাজ সমূহত স্বাস্থ্য সেৱা লগতে সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা আছে ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

আনহাতে ওড়িশ্যা আৰু পশ্চিম বংগৰ উপকূল অঞ্চলত ফেনীৰ প্ৰভাৱত 3 মেৰ মাজৰাতিৰ পৰা 150 কিল'মিটাৰ বেগত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ৰিয়েল টাইম গভৰনেন্স চেণ্টাৰে ৷ ফেনীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি ওড়িশ্যা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে সকলো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়৷ ফেনীৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়সমূহ৷ ধুমুহাৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত ইতিমধ্যেই বাতিল কৰা হৈছে ৰে'ল-বিমান সেৱা৷
নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনত ইতিমধ্যে সমাপ্ত হোৱা নিৰ্বাচনৰ ইভিএম সমূহো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ওড়িশ্যা প্ৰশাসনে৷ ফেনীৰ বাবে এন ডি আৰ এফ বাহিনীয়ে হাইএলাৰ্ট জাৰি কৰিছে ওড়িশ্যাত ৷ ওড়িশ্যাৰ লগতে ফেনীৰ প্ৰভাৱ পৰিবলগীয়া ৰাজ্য পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কেৰালাত প্ৰশাসনে সাজু কৰি ৰাখিছে হৈছে বান নিয়ন্ত্ৰণ আৰু সাহায্য প্ৰদান কৰা দল৷

Last Updated : May 2, 2019, 12:55 PM IST

ABOUT THE AUTHOR

...view details