অমৰাৱতী,২৮ এপ্ৰিলঃ আহি আছে ঘূৰ্ণীবতাহ ফেনী। দক্ষিণ বংগোপ সাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহ ফনী। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিয়া পূৰ্বাভাস অনুসৰি ঘণ্টাত ১৬ কিলোমিটাৰ বেগেৰে উত্তৰ-পশ্চিম দিশে ধাৱমান হৈছে ফেনী। ইয়াৰ পিচতে ৩০ এপ্ৰিলত পাছত গতিপথ সলাই উত্তৰ-পূৱ দিসে অগ্ৰসৰ হ'ব এইজাক ঘূৰ্ণীবতাহ।
আহি আছে ফেনী! দক্ষিণ ভাৰতত সতৰ্কতা জাৰী - ETV BHARAT
ক্ৰমে শক্তিশালী হৈ উঠিছে ফেনী। ইতিমধ্যে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালাত বতৰ বিজ্ঞান বিভাগে জাৰী কৰিছে সতৰ্কতা।
![আহি আছে ফেনী! দক্ষিণ ভাৰতত সতৰ্কতা জাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3139060-thumbnail-3x2-cyclone.jpg)
আহি আছে ফেনী! দক্ষিণ ভাৰতত সতৰ্কতা জাৰী
বতৰ বিজ্ঞান বিভাগে এক টুইটযোগে জনায় যে ফেনীৰ উৎপত্তি চেন্নাইৰ পৰা ১,০৫০ কিলোমিটাৰ দক্ষিণ-পূৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মছিলিপটনামৰ পৰা ১,২৩০ কিলোমিটাৰ দক্ষিণ-পূৱৰ মাজ এলেকাত।
আগন্তুক ২ দিনত ভাৰত মহাসাগৰৰ দক্ষিণ পশ্চিম বংগোপসাগৰত ঘণ্টাত প্ৰায় ১৪৫ কি.মি বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে।