অসম

assam

ETV Bharat / bharat

ওড়িশাত ক্ৰমাৎ অধিক শক্তিশালী ৰূপত ফেনী - ক্ৰমাৎ অধিক শক্তিশালী ৰূপত ফেনী

ফেনীৰ প্ৰভাৱত টেলিকম সেৱা বন্ধ নকৰিবলৈ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নিৰ্দেশ ৷ সকলো টেলিকম কোম্পানীলৈ প্ৰদান কৰা হৈছে নিৰ্দেশ ৷

ওড়িশ্যাত ক্ৰমাৎ অধিক শক্তিশালী ৰূপত ফেনী

By

Published : May 3, 2019, 8:05 AM IST

নতুন দিল্লী , 3 মেঃ ভাৰতৰ পূব উপকূলীয় অঞ্চলত অধিক শক্তিশালী হৈ আহিছে ঘূৰ্ণি বতাহ ফেনী ৷ ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনসাধাৰণৰ সুৰক্ষাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সকলো ধৰণৰ সাৱধানতা অৱলম্বনৰ বাবে সতৰ্ক কৰি দিছে ৷ শুকুৰবাৰে বতাহৰ বেগ সৰ্বাধিক হ'ব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

ক্ৰমাৎ অধিক শক্তিশালী ৰূপত ফেনী

লগতে পঢ়ক : আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ কিয় আহে বনৰীয়া জীৱজন্তু?


শুকুৰবাৰে পুৱা প্ৰায় চাৰি বজাত ৰাজ্যখনত ধুমুহাৰ বেগ আছিল প্ৰায় 80ৰ পৰা 150 কিঃমিঃ ৷ প্ৰৱল বৰষুণৰ লগতে পুৰীত 80 কিঃমিঃ আৰু গোপালপুৰত 105 কিঃমিঃ বেগত পুৱাৰ ভাগত ধুমুহা আহে ৷ শুকুৰবাৰে ধুমুহাৰ বেগ ঘণ্টাত 180 কিঃমিঃ হোৱাৰ সম্ভাৱনা আছে ৷

ফেনীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 1 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ৷ জনসাধাৰণৰ সাহাৰ্যৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ওড়িশা প্ৰশাসনে সকলো চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে ৷ ফেনীৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ বন্ধ থাকিব বিদ্যালয়-মহাবিদ্যালয়সমূহ ৷ ধুমুহাৰ প্ৰভাৱ পৰিবলগীয়া জিলাসমূহত ইতিমধ্যেই বাতিল কৰা হৈছে ৰে'ল-বিমান সেৱা ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনত ইতিমধ্যে সমাপ্ত হোৱা নিৰ্বাচনৰ ই ভি এম সমূহো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ওড়িশা প্ৰশাসনে ৷

ABOUT THE AUTHOR

...view details