নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ: 'নিভাৰ'ৰ পিছত এইবাৰ 'বুৰেৱী' ঘূৰ্ণীবতাহৰ সংহাৰ । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঘূৰ্ণীবতাহ সতৰ্ক শাখাই মঙলবাৰে প্ৰকাশ কৰিছে যে, 'বুৰেৱী' ঘূৰ্ণীবতাহ ৪ ডিচেম্বৰত তামিলনাডু আহি পোৱাৰ সম্ভাৱনা আছে । এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে ঘূৰ্ণীবতাহে তাণ্ডৱ চলোৱাৰ আশংকা কৰিছে বিভাগটোৱে । ইয়াৰ পূৰ্বে ভয়াৱহ 'নিভাৰ' ঘূৰ্ণীবতাহে কালৰূপ ধাৰণ কৰিছিল দক্ষিণৰ ৰাজ্যখনত । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মহা নিৰ্দেশক মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে, 'নিভাৰ'ৰ তুলনাত 'বুৰেৱী'য়ে ক্ষয়-ক্ষতি কম কৰাৰ সম্ভাৱনা আছে ।
অহা ২ ডিচেম্বৰত শ্ৰী লংকা আৰু ৪ ডিচেম্বৰত 'বুৰেৱী' ঘূৰ্ণীবতাহ তামিলনাডু আহি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে মহা নিৰ্দেশকগৰাকীয়ে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঘূৰ্ণীবতাহ সতৰ্ক শাখাই মঙলবাৰে সন্ধিয়া 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতি সন্দৰ্ভত তথ্য প্ৰকাশ কৰে । অহা ২ ডিচেম্বৰৰ আবেলি অথবা নিশা 'বুৰেৱী'য়ে ত্ৰিণকোমালীৰ সমীপত শ্ৰী লংকাৰ উপকূলীয় অঞ্চলত প্ৰতি ঘণ্টাত ৭৫-৮৫ কিঃমিঃ বেগত গতি কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত প্ৰতি ঘণ্টাত ৯৫ কিঃমিঃ বেগত গতি কৰিব পাৰে বুলিও আগজাননী দিছে বিভাগটোৱে ।