অসম

assam

ETV Bharat / bharat

আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা

তামিলনাডুত 'বুৰেৱী' ঘূৰ্ণীবতাহ কাৰ্যতঃ স্থিৰ হোৱা আৰু আগন্তুক ১২ ঘণ্টাত ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । তামিলনাডুৰ ৰামেশ্বৰমত আৰু পণ্ডিচেৰীৰ বিভিন্ন স্থানত প্ৰবল বৃষ্টিপাত ।

আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা
আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা

By

Published : Dec 5, 2020, 1:22 PM IST

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: 'বুৰেৱী' ঘূৰ্ণীবতাহৰ প্ৰভাৱ শনিবাৰে ৰামানাথপুৰম জিলাৰ সমুদ্ৰ তীৰৰ সমীপৰ মন্নাৰত পৰিলক্ষিত হয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, যোৱা ৩০ ঘণ্টাৰ বাবে 'বুৰেৱী' কাৰ্যতঃ স্থিৰ হৈ থাকে । অৱশ্যে তামিলনাডু আৰু কেৰালাত এতিয়াও হাই এলাৰ্ট জাৰি কৰা হৈছে । এই স্থানত 'বুৰেৱী' ঘূৰ্ণীবতাহে একপ্ৰকাৰ স্থিৰ ৰূপ লোৱা আৰু আগন্তুক ১২ ঘণ্টাত ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । তামিলনাডুৰ ৰামেশ্বৰমত আৰু পণ্ডিচেৰীৰ বিভিন্ন স্থানত ধৰাসাৰ বৰষুণ হৈছে ।

ৰামানাথপুৰম জিলাৰ সমুদ্ৰ তীৰৰ সমীপৰ মন্নাৰত যোৱা ৩০ ঘণ্টা ধৰি 'বুৰেৱী' কাৰ্যতঃ স্থবিৰ হৈ থাকে । শুক্ৰবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলকো মন্নাৰ আৰু বংগোপসাগৰ, দক্ষিণ তামিলনাডুৰ সমুদ্ৰ তীৰ, উত্তৰ শ্ৰীলংকা, দক্ষিণ কেৰালাৰ সমুদ্ৰ তীৰ, লক্ষ্যদ্বীপ-মালদ্বীপ আৰু দক্ষিণ-পূৱ আৰৱ সাগৰত মাছ মাৰি নাযাবলৈ পৰামৰ্শ দিয়ে । দক্ষিণ কেৰালাত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৪৫ কিঃমিঃ হোৱাৰ সম্ভাৱনা আছে ।

ইদ্দুকী আৰু মালাপ্পুৰম জিলাত অৰেঞ্জ এলাৰ্ট আৰু তিৰুৱানন্থপুৰম, ক'ল্লাম আৰু আলপ্পুঝাত ইয়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে । ঘূৰ্ণীবতাহৰ বাবে ৰামেশ্বৰমৰ ৰাইজে বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । এনডিআৰএফৰ দলে তামিলনাডু আৰু কেৰালাৰ কেইবাঠাইতো ভয়াৱহ বিপদৰে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে ।

লগতে পঢ়ক:অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল ৰায়গড় আৰক্ষীৰ

ABOUT THE AUTHOR

...view details