অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছত কৈ আম্ফানৰ প্ৰাদুৰ্ভাৱ অধিক বেয়া হ'ব পাৰে : মমতা বেনাৰ্জী

কৰ'ণা ভাইৰাছৰ মাজতেই বুধবাৰে পশ্চিমবংগত তাণ্ডৱ লীলা চলাই যায় ঘূৰ্ণীবতাহ আম্ফানে । ঘূৰ্ণীবতাহ আম্ফানক লৈ ৰাজ্যখনৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ গুৰুত্বপূৰ্ণ মন্তব্য । কৰ'ণা ভাইৰাছতকৈ আম্ফান ঘূৰ্ণী বতাহৰ প্ৰাদুৰ্ভাৱ অধিক বেয়া হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

By

Published : May 21, 2020, 10:24 PM IST

Cyclone Amphan impact worse than Coronavirus: Mamata Banerjee
Cyclone Amphan impact worse than Coronavirus: Mamata BanerjeeCyclone Amphan impact worse than Coronavirus: Mamata Banerjee

কলকাতা, ২১ মে': কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ মাজতেই দেশত দেখা দিছিল আম্ফান ঘূৰ্ণীবতাহৰ বিপদে । এই ঘূৰ্ণী বতাহত ভাৰতৰ ভিতৰতে উৰিষ্যা, পশ্চিমবংগ ৰাজ্য দুখন আটাইতকৈ বেছি প্ৰভাৱতি হ'ব বুলি অনুমান কৰা হৈছিল । বুধবাৰে এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় কৰ'ণা ভাইৰাছত কৈ হয়তো অধিক বেয়া প্ৰাৰ্দুভাৱ হ'ব পাৰে আম্ফান ঘূৰ্ণী বতাহৰ ।

সংবাদ মেলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধুমুহাত প্ৰায় ১ লাখ কোটি টকাৰ ক্ষয়ক্ষতি হ'ব পাৰে বুলি অনুমান কৰিছিল মুখ্য়মন্ত্ৰীগৰাকীয়ে । লগতে পুনৰবাৰ আমি সকলো গঢ়িম বুলি কৈ কেন্দ্ৰক ৰাজনীতি নকৰি মানৱীয় দৃষ্টিভংগীৰে সহায়ৰ অনুৰোধ কৰিছিল মমতা বেনাৰ্জীয়ে । আনহাতে ক্ষয়ক্ষতিৰ সঠিক মূল্যায়ন কৰাৰ বাবে ৩-৪ দিনৰ সময় লাগিব বুলি উল্লেখ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, বুধবাৰে পশ্চিমবংগত আম্ফানৰ ব্যাপক প্ৰভাৱ দেখা পোৱা যায় । বহু কেইটা দলং আৰু মাটিৰ ঘৰ ইত্যাদি সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰে বুধবাৰে অহা ধুমুহাটোত । প্ৰাৰম্ভিক তথ্য় মতে, প্ৰায় ১০-১২ জন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ।

আনহাতে এই ধুমুহাত মৃত্যু হোৱা লোকৰ সংখ্যা COVID-১৯ ত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈও অধিক হ'ব পাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ১৫৫-১৮৫ কিলোমিটাৰ প্ৰতিঘণ্টাত পশ্চিমবংগত তাণ্ডৱলীলা চলাইছিল ঘূৰ্ণীবতাহ আম্ফানে ।

ABOUT THE AUTHOR

...view details