অসম

assam

By

Published : Dec 30, 2020, 8:55 AM IST

Updated : Dec 30, 2020, 10:11 AM IST

ETV Bharat / bharat

চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰত জব্দ 41,63 লাখ টকাৰ সোণ

চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা সীমা শুল্ক বিভাগে মঙলবাৰে জব্দ কৰে 41,63 লাখ টকা মূল্যৰ 807 গ্ৰাম সোণ ৷ ডুবাইৰ পৰা 4 গৰাকী যাত্ৰীয়ে কঢ়িয়াই আনিছিল এই বৃহৎ পৰিমানৰ সোণ খিনি ৷ ইয়াৰ পূৰ্বেও সোণ আৰু বিদেশী মুদ্ৰাৰ লগতে কেনাইন দাঁত জব্দ কৰিছিল সীমা শুল্ক বিভাগে ৷

Customs seizes gold worth Rs 41.63 lakhs at Chennai airport
চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰত জব্দ 41,63 লাখ টকাৰ সোণ

নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ: মঙলবাৰে সীমা শুল্ক বিভাগে চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰে ৷ প্ৰায় 41,63 লাখ টকা মূল্যৰ 807 গ্ৰাম সোণ জব্দ কৰে সীমা শুল্ক বিভাগে ৷ ডুবাইৰ পৰা 4 গৰাকী যাত্ৰীয়ে কঢ়িয়াই আনিছিল এই বৃহৎ পৰিমানৰ সোণ খিনি ৷

সীমা শুল্ক বিভাগে এক টুইট যোগে কয় যে,200 টা চিগাৰেটৰ পেকেটৰ পৰা 807 গ্ৰাম সোণ জব্দ কৰাৰ লগতে 6.17 লাখ টকাৰ 4 টা ড্ৰোণ জব্দ কৰে ৷ ইয়াৰ পূৰ্বে 21 ডিচেম্বৰত ডুবাইৰ পৰা পাউদাৰৰ পেকেটত অনা 3 টা বাঘৰ দাঁত জব্দ কৰিছিল সীমা শুল্ক বিভাগে ৷

উল্লেখ্য যে,1 ডিচেম্বৰতো চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা 18.5 লাখ টকা মূল্যৰ সোণ আৰু বিদেশী মুদ্ৰা জব্দ কৰিছিল সীমা শুল্ক বিভাগে ৷

লগতে পঢ়ক:নতুন বছৰতে অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী

Last Updated : Dec 30, 2020, 10:11 AM IST

ABOUT THE AUTHOR

...view details