নিউজ় ডেস্ক,30 মাৰ্চঃ মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা 21 দিনীয়া লক ডাউনৰ পাছতে দেশজুৰি স্তব্ধ হৈ পৰিছে কল-কাৰখানাৰ কাম-কাজ, বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷
বিশেষকৈ এই ক্ষেত্ৰত গভীৰ সমস্যাত পৰিছে দেশৰ বিভিন্ন চহৰত কৰ্মসুত্ৰে থকা প্ৰবাসী শ্ৰমিক সকল ৷
খাদ্য সংকটৰ পৰা আদি কৰি কাম-কাজ বন্ধ হৈ থকাৰ ফলত উপাৰ্জনৰ উৎস বন্ধ হৈ পৰাত এতিয়া আতংকিত হৈ পৰিছে শ্ৰমিক সকল ৷ যাৰ ফলস্বৰূপে এতিয়া লক ডাউনৰ নিৰ্দেশনাকো অমান্য কৰি স্ব-গৃহলৈ যাবলৈ ৰাজপথ অথবা বাছ ষ্টেণ্ড সমূহত ভিৰ কৰিছেহি হাজাৰ হাজাৰ লোকে ৷ আনকি যাতায়াতৰ একো সুবিধা নাপাই একাংশই খোজ কাঢ়িয়েই এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যত থকা নিজৰ ঘৰলৈ বুলি ঢাপলি মেলিছে ৷ ইতিমধ্যে দিল্লী চৰকাৰে দিল্লীত থকা প্ৰবাসী শ্ৰমিকসকলক য'তে আছে তাতে থাকিবলৈ অনুৰোধ জনাইছে ৷ দিল্লী চৰকাৰে এই লোক সকলৰ বাবে খোৱা-বোৱাৰ ব্যৱস্থা কৰা বুলি ইতিমধ্যে সদৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷