অসম

assam

ETV Bharat / bharat

শ্বিলঙত বাতিল সান্ধ্য আইন, পুনৰ আৰম্ভ ইন্টাৰনেট সেৱা

শ্বিলঙৰ পৰা সান্ধ্য আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি প্ৰত্যক্ষ নকৰাৰ পাচতে এই সিদ্ধান্ত ৷

Curfew lifted in Shillong, streets decked out in X-mas lights
শ্বিলঙত বাতিল সান্ধ্য আইন

By

Published : Dec 22, 2019, 3:57 PM IST

নেশ্যনেল ডেস্ক, 22 ডিচেম্বৰ : দেওবাৰে শ্বিলঙৰ পৰা সান্ধ্য আইন বাতিলৰ কথা ঘোষণা কৰে চৰকাৰী পক্ষই ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি প্ৰত্যক্ষ নকৰাৰ পাচতে সান্ধ্য আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷

দেওবাৰে স্থানীয় লোকক দোকান-পোহাৰৰ পৰা সামগ্ৰী ক্ৰয়ৰ লগতে খ্ৰীষ্টমাছৰ বাবে উপহাৰ ক্ৰয় কৰিবলৈও ওলাই লোৱা দেখা গ'ল ৷

দেওবাৰৰ পুৱাৰ ভাগৰ পৰা ৰাজধানী চহৰৰ ৰাস্তা-পথসমূহ খ্ৰীষ্টমাছ উপলক্ষ্যে খ্ৰীষ্টমাছ লাইটেৰে পোহৰাই তোলা দেখা গ'ল ৷

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্বিলঙত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 12 ডিচেম্বৰত শ্বিলঙত সান্ধ্য আইন কাৰ্যকৰী কৰা হৈছিল ৷ এই হিংসাত্মক প্ৰতিবাদত বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহু ৰাজহুৱা সম্পত্তি বিধস্ত হৈছিল ৷

কিন্তু দিনৰ ভাগত সান্ধ্য আইন বাতিল কৰিলেও নিশাৰ ভাগত আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে পূৰ্বৰ দৰেই সান্ধ্য আইন কাৰ্যকৰী হৈ থাকিব ৷

আনহাতে, শুকুৰবাৰৰ নিশাৰ পৰা ম'বাইল ইন্টাৰনেট আৰু মেছেজ সেৱাও পুনৰ প্ৰদান কৰা হৈছে শ্বিলঙত ৷

আৰু পঢ়কঃবিদেশীৰ বোজা ল'বলৈ ভাৰত অতিথিশালা নহয়: ৰাজ ঠাকৰে

ABOUT THE AUTHOR

...view details