অসম

assam

ETV Bharat / bharat

লাডাখত সৈন্য মোতায়েন সম্পৰ্কত আজি ভাৰত-চীনৰ সামৰিক বৈঠক - নিয়ন্ত্ৰণ ৰেখাত উদ্বিগ্নতা বৃদ্ধি সম্পৰ্কত বৈঠক

ভাৰত-চীনৰ উচ্চ পৰ্যায়ৰ সামৰিক বাহিনীৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক ৷ এই বৈঠকৰ আয়োজন কৰা হ'ব চীনা পক্ষৰ চুছুল মল্ডো সীমান্তত ৷

Crucial India-China military meet over Ladakh standoff today
লাডাখত সৈন্য মোতায়েন সম্পৰ্কত আজি ভাৰত-চীনৰ সামৰিক বৈঠক

By

Published : Jun 6, 2020, 11:36 AM IST

Updated : Jun 6, 2020, 12:29 PM IST

নেশ্যনেল ডেস্ক, 6 জুন : ভাৰত-চীনৰ উচ্চ পৰ্যায়ৰ সামৰিক বাহিনীৰ প্ৰতিনিধি দলে আজি এক বৈঠকত মিলিত হ'ব ৷ এই সময়ছোৱাত কোনো সংবাদ মাধ্যমকে কাল্পনিক আৰু ভিত্তিহীন বাতৰি প্ৰকাশ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷ ভাৰতীয় সেনাই এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷

নিয়ন্ত্ৰণ ৰেখাত (Line of Control) এমাহ জোৰা উদ্বিগ্নতাৰ মীমাংসা কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ হিমালয়ৰ সীমান্তত সংঘাতৰ সৃষ্টি হোৱাৰ পাচতে শুকুৰবাৰে দুয়ো দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিষয়ববীয়াই বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰাৰ এদিন পাচতে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷

শুকুৰবাৰৰ আলোচনাচক্ৰত দুয়ো পক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, দুয়ো দেশে শান্তিপূৰ্ণভাৱে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰাৰ লগতে দুয়ো দেশৰে প্ৰয়োজনীয়তা, সংবেদনশীলতা আৰু ইচ্ছাক সন্মান জনাব ৷

শনিবাৰে দুয়ো দেশৰ সামৰিক বাহিনীৰ বিষয়ববীয়াই একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাচতে এক অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাচতে প্ৰতিনিধি পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ'ব ৷

বৈঠকৰ স্থান -

এই বৈঠকৰ আয়োজন কৰা হ'ব চীনা পক্ষৰ চুছুল মল্ডো সীমান্তত ৷

প্ৰতিনিধি দল -

ভাৰতৰ প্ৰতিনিধি দলত থাকিব লেফটেনেন্ট জেনেৰেল হৰিন্দৰ সিং, 14 কৰ্পছৰ কমাণ্ডাৰ আৰু 10 গৰাকী অন্যান্য বিষয়া ৷ আনহাতে, চীনা পক্ষৰ প্ৰতিনিধি দলত উপস্থিত থাকিব মেজৰ জেনেৰেল লিন লিউ, কৰ্পছ কমাণ্ডাৰ, ছাউথ ঝিনজিয়াং মিলিটেৰী ডিভিজন আৰু পিপলছ লিবাৰেছন আৰ্মীৰ 10 গৰাকী বিষয়া ৷

উল্লেখ্য যে, যোৱা মাহত ছিক্কিম আৰু লাডাখ ছেক্টৰৰ LAC ত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সম্পৰ্কত পূৰ্বেও সৈন্য বাহিনীয়ে বহুকেইখন বৈঠকৰ আয়োজন কৰিছিল যদিও বিবাদ মীমাংসা কৰিবলৈ সক্ষম হোৱা নাছিল ৷

Last Updated : Jun 6, 2020, 12:29 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details