নিউজ ডেস্ক, 8 অক্টোবৰ : কোভিড-19 সন্দৰ্ভত দেশৰ জনতাক সজাগ কৰি তোলাৰ বাবে আগন্তুক 100 দিনত দেশৰ প্ৰায় 12 কোটি জনসাধাৰণৰ কাষলৈ যাব বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীৰ দল চিআৰপিএফ ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিৰ অধীনতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে ৷
এই সন্দৰ্ভত ইতিমধ্যেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ আলোচনাত তিনিটা দিশত অধিক গুৰুত্ব দিয়া হয় আৰু সেইকেইটা আছিল, মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু সামাজিক দুৰত্ব বৰ্তাই ৰখা ৷