নিউজ ডেস্ক , ২১ জানুৱাৰী : কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিছ বাহিনী (চিআৰপিএফ)ৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীয়ে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে । চিআৰপিএফ বাহিনীৰ যোৱা বছৰটোৰ সফলতা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰে সঞ্চালক প্ৰধান গৰাকীয়ে । সংবাদমেলত তেওঁ জনোৱা মতে বিগত বছৰটোত জম্মু-কাশ্মীৰত হিজবুল মোজাহিদিনৰ কমাণ্ডৰ ৰিয়াজ নাইকো সহ প্ৰায় ২১৫ জন সন্ত্ৰাসবাদী নিহত হৈছে চিআৰপিএফৰ হাতত । সফালতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, ২০২০ চনত মাওবাদী অধ্য়ুষিত অঞ্চলত অভিযান চলাই চিআৰপিএফে ৩২ জন মাওবাদীক হত্য়া কৰাৰ লগতে ৫৬৯ জনক গ্ৰেপ্তাৰ কৰিছে আৰু ৩৪০ জন মাওবাদীয়ে আত্মসমৰ্পন কৰিছে ।
আনহাতে কোবৰা বাহিনীৰ হাতত ৭ জন মাওবাদী নিহত হোৱাৰ লগতে এল ডব্লিউ ই অঞ্চলত ৩০০ ৰো অধিক আইইডি উদ্ধাৰ কৰিছে কোবৰা বাহিনীয়ে । লগতে তেওঁ উল্লেখ কৰে যে কোবৰা বাহিনীত মহিলা সদস্য় অন্তৰ্ভুক্তিৰ বিষয়েও বৰ্তমান চিন্তা চৰ্চা কৰি থকা হৈছে । সমান্তৰালকৈ মাওবাদী অধ্য়ুষিত অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে কোবৰা বাহিনীক নিয়োগ কৰা হৈছে বুলিও তেওঁ জনায় ।