অসম

assam

ETV Bharat / bharat

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনতকৈ ডাঙৰ সমস্যা হ'ল অপৰাধমূলক কাৰ্য : কংগ্ৰেছ - নিৰ্বাচন

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাৰ দ্বাৰা নিৰ্বাচনত নামত সংঘটিত হৈ ভিন্ন অপৰাধমূলক কাৰ্যৰ পৰা ৰাইজক পথভ্ৰষ্ট কৰিবলৈহে চেষ্টা কৰা হৈছে ৷

এক ৰাষ্ট্ৰ, এক নিৰ্বাচন

By

Published : Jun 19, 2019, 7:09 PM IST

নিউজ ডেস্ক, 19 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনতকৈও ডাঙৰ বিষয় হ'ল নিৰ্বাচনৰ নামত অপৰাধমূলক কাৰ্য ৷ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাৰ দ্বাৰা নিৰ্বাচনত নামত সংঘটিত হৈ অহা ধনবলৰ ব্যৱহাৰ আৰু অপৰাধমূলক কাৰ্য আদি বিষয়ৰ পৰা ৰাইজক পথভ্ৰষ্ট কৰিবলৈহে চেষ্টা কৰিছে মোডী চৰকাৰে ৷

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী আহ্বান কৰা এই সভা কোনো আলোচনাৰ বিষয়েই নহয় ৷ ইভিএমকে ধৰি অন্যান্য অপৰাধমূলক কাৰ্যৰ পৰা বিৰত ৰাখিবলৈহে এই বিষয় লৈ সভাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷ বুধবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে, কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে ৷

নিৰ্বাচন সম্পৰ্কত আলোচনাৰ বাবে আন বহু বিষয় আছে ৷ আজিও বহু নেতাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ ৷ যদিও অপৰাধমূলক কাৰ্যত জড়িত নেতাসকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে নিৰ্বাচনৰ নামত অত্যাধিক ধনবলৰ ব্যৱহাৰ কাৰ্য ৰোধৰ ক্ষেত্ৰত আজিও কিয় আলোচনা কৰা হোৱা নাই বুলিহে প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ লগতে কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ এই সভাত অংশগ্ৰহণ নকৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে,এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ দ্বাৰা দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এক সভাৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ABOUT THE AUTHOR

...view details