নিউজ ডেস্ক, ১০ জুলাইঃ শুকুৰবাৰে পুৱা উত্তৰ প্ৰদেশ কানপুৰ এনকাউণ্টাৰৰ মূল অপৰাধী বিকাশ ডুবেৰ আৰক্ষীৰ গুলীত মৃত্যু হয়। এই ঘটনাৰ পাচতেই শাসনাধিষ্ঠিত চৰকাৰখনক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদ্ৰাই। "অপৰাধীৰ মৃত্যু হ'ল, কিন্তু অপৰাধীক সহায়কাৰীসকলৰ কি হ'ব?" বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰশ্ন উত্থাপন কৰে।
অপৰাধীৰ মৃত্যু হ'ল, কিন্তু অপৰাধীক সহায়কাৰীসকলৰ কি হ'বঃ প্ৰিয়ংকা গান্ধী - অপৰাধী বিকাশ ডুবে
কানপুৰ এনকাউণ্টাৰত অভিযুক্ত মূল অপৰাধী বিকাশ ডুবেৰ মৃত্যুৰ পাচতে তেওঁৰ লগত সম্পৰ্ক থকা লোকসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই।
উল্লেখ্য যে, শুকুৰবাৰে পুৱা অপৰাধী বিকাশ ডুবেক কঢ়িয়াই নিয়া উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চৰ বাহন দূৰ্ঘটনাত পতিত হৈছিল ৷ ইয়াৰ পাচতে পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত গৰাকীয়ে ৷ তেনে সময়তেই আৰক্ষীৰ সৈতে গুলিয়াগুলীত ডুবেৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
বৃহস্পতিবাৰে মধ্যপ্ৰদেশত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰাৰ পাচতে, শুকুৰবাৰে পুৱা উত্তৰ প্ৰদেশৰ কানপুৰলৈ লৈ যোৱা হৈছিল অপৰাধী ডুবেক ৷ ৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ জন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা বিকাশ ডুবে উক্ত দিনটোৰ পৰাই পলাতক অৱস্থাত আছিল বুলি জানিব পৰা গৈছে ৷