অসম

assam

ETV Bharat / bharat

অপৰাধৰ দলিল… কেৱল মাত্ৰ এটা ‘বুটাম’ৰ দূৰত্বত !

“ক্ৰাইম ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক ছিষ্টেম” (চি চি টি এন এছ) আৰু ইয়াৰ আগমনে দেশৰ আৰক্ষী প্ৰশাসনৰ ইতিহাসত এক মহত্বপূৰ্ণ ভূমিকা ল’ব ৷ চি চি টি এন এছে অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা ল’ব ৷ কিয়নো কোনো দুৰ্গম এলেকাৰ আৰক্ষী চকীৰ পৰিসৰৰ বাহিৰতো যদি কোনো অপৰাধীৰ ফিংগাৰ প্ৰিন্ট পোৱা যায় তথাপিও তেনে অপৰাধীক ট্ৰেকিং কৰিবলৈ এই ছিষ্টেম সক্ষম ৷

অপৰাধৰ দলিল… কেৱল মাত্ৰ এটা ‘বুটাম’ৰ দূৰত্বত !
অপৰাধৰ দলিল… কেৱল মাত্ৰ এটা ‘বুটাম’ৰ দূৰত্বত !

By

Published : Dec 20, 2020, 10:31 PM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ :২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সৈতে ভাৰতবৰ্ষ হৈছে এখন ১৩৮ কোটি জনসংখ্যাৰ দেশ ৷ তদুপৰি ভাৰতবৰ্ষৰ দৰে বিশাল ভৌগলিক এলেকা সামৰি লোৱা দেশ এখনত সামাজিক শান্তি-শৃংখলা বজাই ৰখাটো তেতিয়াহে সম্ভৱ হৈ উঠে যেতিয়া কোনো অপৰাধ সংঘটিত হোৱাৰ লগে লগেই তাক নিয়ন্ত্ৰণ কৰা হয় আৰু অপৰাধীক সঠিক সময়ত উপযুক্ত শাস্তি বিহা হয় ৷ যি সময়ত অপৰাধীবোৰে সীমান্ত নেওচি তথা বিচাৰ ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিনাদ্বিধাই তেওঁলোকৰ দুষ্কাৰ্যবোৰ সংঘটিত কৰিব পাৰে, ঠিক তেনে সময়তে কিছু সংখ্যকৰ মতে আৰক্ষী প্ৰশাসনে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষেত্ৰত নিয়ম কানুনৰ অদৃশ্য ৰচী এডালেৰে বান্ধ খাই থকাহে পৰিলক্ষিত হয় ৷ এই ক্ষেত্ৰত বৰ্তমানৰ এই পৰিদৃশ্য সলনি কৰাত সহায়ক হ’ব “ক্ৰাইম ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক ছিষ্টেম” (চি চি টি এন এছ) আৰু ইয়াৰ আগমনে দেশৰ আৰক্ষী প্ৰশাসনৰ ইতিহাসত এক মহত্বপূৰ্ণ ভূমিকা ল’ব ৷ চি চি টি এন এছে অপৰাধ অনুসন্ধানৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা ল’ব ৷ কিয়নো কোনো দুৰ্গম এলেকাৰ আৰক্ষী চকীৰ পৰিসৰৰ বাহিৰতো যদি কোনো অপৰাধীৰ ফিংগাৰ প্ৰিন্ট পোৱা যায় তথাপিও তেনে অপৰাধীক ট্ৰেকিং কৰিবলৈ এই ছিষ্টেম সক্ষম ৷ এই ছিষ্টেমে ৰাষ্ট্ৰীয় আৰক্ষী তথ্যাগাৰত মজুদ থকা লক্ষ লক্ষ ফিংগাৰ প্ৰিন্টৰ লগত তুলনা কৰি অপৰাধীক চিনাক্ত কৰি উলিয়াবলৈ ই সক্ষম ৷

সমগ্ৰ দেশৰে আৰক্ষী চকী তথা মুখ্যালয়সমূহৰ মাজত আন্তঃ সংযোগ স্থাপন কৰিবলৈ প্ৰায় এটা দশক পূৰ্বেই প্ৰস্তাৱ আগবঢ়োৱা হৈছিল ৷ কিন্তু শামুকীয়া গতিৰে কাম আগবঢ়াৰ ফলত এই প্ৰস্তাৱ ইমান দিনে বাস্তৱায়িত হোৱাগৈ নাছিল ৷ প্ৰায় দুবছৰৰ পূৰ্ৱেহে চি চি টি এন এছৰ সহায়ত সমগ্ৰ দেশৰে অপৰাধ আৰু অপৰাধী সম্পৰ্কীয় তথ্যসমূহ বহু কেইখন ৰাজ্যৰ বাবে উপলব্ধ হৈ উঠিছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জানিবলৈ পোৱা তথ্য অনুসৰি, বৰ্তমান সমগ্ৰ দেশৰে প্ৰায় ৯৫ শতাংশ আৰক্ষী চকী চি চি টি এন এছেৰে সংযোগী হৈ পৰিছে ৷

প্ৰায় ১৪৫০০ খন আৰক্ষী চকীয়ে তেওঁলোকৰ পৰিসৰৰ অন্তৰ্গত এলেকাত সংঘটিত হোৱা সকলো ধৰণৰ অপৰাধৰ সবিশেষ তথ্য তথ্যাগাৰত নথিভুক্ত কৰিছে ৷ অপৰাধ আৰু অপৰাধীক ৰুধিব পাৰিলেহে চি চি টি এন এছ মূল উদ্দেশ্যত সফল হ’ব ৷

তৰিৎ বেগত অনুসন্ধান চলাবৰ বাবে তথা কঠোৰ শাস্তি বিহিবলৈ হ’লে তথ্যৰ আদান প্ৰদান অতি জৰুৰী ৷ সেই বাবেই প্ৰায় তিনি দশক পূৰ্বে “ক্ৰাইম এণ্ড ক্ৰিমিনেল ইনফৰ্মেশ্যন ছিষ্টেম”ৰ (চি চি আই এছ) প্ৰৱৰ্তন কৰা হৈছিল ৷ কিন্তু এই ব্যৱস্থা বিভিন্ন ৰাজ্য সমূহ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ সমূহৰ আৰক্ষী মুখ্যালয় আৰু জিলা কাৰ্যালয়সমূহৰ মাজতেই সীমাবদ্ধ হৈ আছিল ৷ চি চি আই এছৰ সৈতে তুলনা কৰিলে দেখা যায় যে চি চি টি এন এছৰ পৰা পাব লগা সুবিধাসমূহ আৰু ইয়াৰ মাধ্যমেৰে তথ্য প্ৰচাৰ কৰিব পৰা সক্ষমতা ব্যাপক পৰিসৰৰ ৷ এম এইছ এৰ পৰিসংখ্যাত উন্মোচিত হৈছে যে, আৰক্ষী চকী সমূহৰ আন্তঃ সংযোগ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হৈছেহি আৰু ৫.৬ লাখ আৰক্ষীক ছফ্টৱেৰ পৰিচালনাৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে ৷

কিন্তু ৰাজ্যভেদে এই পৰিসংখ্যাৰ ভিন্নতা থকা দেখা যায় ৷ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ দৰে ৰাজ্যসমূহে চি চি টি এন এছৰ জৰিয়তে এফ আই আৰ আৰু অভিযুক্তৰ সবিশেষ নথিভুক্ত কৰাৰ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিছে ৷ এই ৰাজ্যসমূহ সংহত ফৌজাদাৰী বিচাৰ ব্যৱস্থা ৰূপায়নৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি আছে ৷ কিন্তু ইয়াৰ বিপৰীতে কেইবাখনো ৰাজ্য এই ক্ষেত্ৰত পিছ পৰি আছে ৷ বিহাৰৰ দৰে ৰাজ্যত মাত্ৰ ৫ শতাংশ আৰক্ষী চকীতহে চি চি টি এন এছ গ্ৰহণ কৰা হৈছে ৷

ইয়াৰ সমান্তৰালকৈ অপৰাধীয়েও তেওঁলোকৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ নিতৌ ন ন কৌশল অৱলম্বন কৰিবলৈ লৈছে ৷ ঝাৰখণ্ডৰ জমতাৰাৰ দৰে ঠাইবোৰে চাইবাৰ চুৰিকাৰ্যত কুখ্যাতি অৰ্জন কৰিছে ৷ কেৱল মাত্ৰ ২০১৯ চনৰ বৰ্ষটোতে চাইবাৰজনিত অপৰাধৰ লগত জড়িত ধনৰ পৰিমাণ আছিল প্ৰায় ১.২৫ লক্ষ কোটিৰো অধিক টকা ৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত চাইবাৰ অপৰাধৰ তীব্ৰতা আৰু অধিক বৃদ্ধি পাইছিল ৷

যি সময়ত কিছুসংখ্যক ৰাজ্যই অপৰাধ তথ্যাগাৰক সমৃদ্ধ কৰাত অৰিহণা যোগাইছে তেনেক্ষেত্ৰত, সেইসমূহ ৰাজ্যৰ বাবে দুৰ্ভাগ্যজনক বিষয়টো হ’ল; যি সমূহ ৰাজ্যই এই কাৰ্য সম্পাদন কৰাত ব্যৰ্থ হৈছে সেই ৰাজ্যবোৰে অপাৰাধ সমূহৰ অনুসন্ধানৰ গতি মন্থৰ কৰি এক বিপৰীতমুখী প্ৰভাৱহে পেলাইছে ৷ অপৰাধ নিয়ন্ত্ৰণ আৰু ন্যায় প্ৰদান তেতিয়াহে কাৰ্যকৰী হ’বগৈ, যেতিয়া সমগ্ৰ দেশজুৰি কাৰাগাৰ, ন্যায়িক বিষয়াসকল আৰু আদালতৰ মাজত তথ্যৰ আদান প্ৰদান তথা সমন্বয় আৰু সহযোগিতাই বিৰাজ কৰিব ৷

লগতে পঢ়ক:গুজৰাট আৰম্ভ হ’ব "দীনদয়াল" ক্লিনিক : নিতিন পেটেল

ABOUT THE AUTHOR

...view details